/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/8376137b-0f52-4d6c-bd3d-6407b0cf25a6/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল ডেস্কঃ বৰ্তমানেও উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা মণিপুৰত বুধবাৰে উপস্থিত হয় চি বি আইৰ দল। ৰাজ্যখনত ইণ্টাৰনেট সেৱা পুনৰোদ্ধাৰ হোৱাৰ পাছতে পোহৰলৈ অহা এক ঘটনাৰ তদন্তৰ বাবে উপস্থিত হৈছে দলটো। উল্লেখ্য যে, বিগত ২৩ ছেপ্টেম্বৰত ৰাজ্যখনত ইণ্টাৰনেট সেৱা মুকলি কৰাৰ পাছতেই নিখোঁজ হৈ থকা দুজন ছাত্ৰৰ মৃতদেহৰ ছবি বিয়পি পৰিছিল মোবাইলে মোবাইলে।
জুলাই মাহতে নিখোঁজ হোৱা দুই শিক্ষাৰ্থীৰ মৃতদেহৰ ফটো বিয়পি পৰাৰ লগে লগে মণিপুৰত পুনৰ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। এই ঘটনাৰ বাবে ২৬ ছেপ্টেম্বৰ দিনটোত শিক্ষাৰ্থীসকলে ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰে প্ৰতিবাদ। যাৰ বাবে পৰিস্থিতি অধিক অৱনতি ঘটে ৰাজ্যখনত। সেয়েহে ২৭ ছেপ্টেম্বৰৰ দিনা মণিপুৰ চৰকাৰে পুনৰ ১ অক্টোবৰলৈ কৰ্তন কৰে ইণ্টাৰনেট সেৱা। সমান্তৰালভাবে ৰাজ্যপালে ৰাজ্যখনৰ সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰে ।
উক্ত দুই শিক্ষাৰ্থীৰ মৃত্যুৰ তদন্ত কৰিবলৈ মণিপুৰত উপস্থিত হৈছে চি বি আইৰ দলটো। দলটোৰ উপস্থিতিয়ে মেইটেই আৰু কুকিৰ সংঘাতক কিছু পৰিমাণে হলেও শান্ত কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। ইপিনে চি বি আয়ে শিক্ষাৰ্থী দুজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ উদ্ঘাটন কৰিলে পুনৰ হিংসাত্মক পৰিস্থিতি সৃষ্টি হোৱাৰো আশংকা কৰিছে বহুজনে।