মেনকা গান্ধীয়ে ক'লে- কচাইক গৰু বিক্ৰী কৰে কোনে

ইস্কন ( ইন্টাৰনেছনেল ছচাইটি ফৰ কৃষ্ণ কনচিকিউনেচ) ৰ ওপৰত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিজেপি সাসংদ মেনকা গান্ধীয়ে

author-image
Asomiya Pratidin
New Update
মেনকা গান্ধীয়ে ক'লে- কচাইক গৰু বিক্ৰী কৰে কোনে

ডিজিটেল ডেস্কঃ ইস্কন (ইন্টাৰনেছনেল ছচাইটি ফৰ কৃষ্ণ কনচিকিউনেচ)ৰ ওপৰত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিজেপি সাসংদ মেনকা গান্ধীয়ে। তেওঁ কয় যে, ধৰ্মৰ নামত সকলোতকৈ ডাঙৰ প্ৰৱঞ্চনা হ'ল ইস্কন। কিয়নো ইস্কনে গোশালৰ পৰা গৰু সমূহ কচাইৰ তাত বিক্ৰী কৰে। কিন্তু এই অভিযোগ খণ্ডন কৰিছে ইস্কনে।

Advertisment

উল্লেখ্য যে, বিজেপি সাংসদগৰাকীয়ে পশু সুৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন সময়ত চৰ্চাত থাকে। তেওঁ কয় যে, মই অন্ধ্ৰপ্ৰদেশৰ ইস্কনৰ অনন্তপুৰ গোশাললৈ গৈছিলো। তাত মই এটাও গাখীৰ নিদিয়া বা পোৱালী নিদিয়া গৰু দেখা নাছিলো। পোৱালীও নাছিল। ইয়াৰ অৰ্থ এয়াই যে সকলো বিক্ৰী কৰা হৈছিল। ইস্কনে গৰুবোৰ কচাইক বিক্ৰী কৰি দিয়ে। লগতে কয় যে, গোশালৰ নামত তেওঁলোকে চৰকাৰৰ পৰা বিশাল ভূমি জব্দ কৰি আছে।

আনহাতে এই অভিযোগ খণ্ডন কৰি ইস্কনৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ যুধিষ্ঠিৰ গোবিন্দা দাসে কয় যে এই ধৰ্মীয় সংস্থাটোৱে কেৱল ভাৰততে নহয়, বিশ্বব্যাপী গৰু আৰু বলধৰ সুৰক্ষা আৰু যত্ন লোৱাৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছে। তেওঁ কয় যে গৰু আৰু বলধসমূহ তেওঁলোকৰ সম্পূৰ্ণ জীৱনচোৱা প্ৰতিপালন কৰা কয়। কতো বিক্ৰী কৰা নহয়।

Also Read: এছিয়ান গেমছত নেপালৰ দীপেন্দ্ৰ সিঙে ৯ টা বলত কৰিলে ৫০ ৰাণ

International Society for Krishna Consciousness