হিংসাত্মত ঘটনাৰ মাজতে চোৰ হ'ল মণিপুৰৰ অস্ত্ৰ ভাণ্ডাৰ ! আৰম্ভ হৈছে পুনৰ উদ্ধাৰ প্ৰক্ৰিয়া...

হিংসাত্মত ঘটনাৰ মাজতে চোৰ হ'ল মণিপুৰৰ অস্ত্ৰভাণ্ডাৰ ! আৰম্ভ হৈছে পুনৰ উদ্ধাৰ প্ৰক্ৰিয়া...
হিংসাত্মত ঘটনাৰ মাজতে চোৰ হ'ল মণিপুৰৰ অস্ত্ৰভাণ্ডাৰ ! আৰম্ভ হৈছে পুনৰ উদ্ধাৰ প্ৰক্ৰিয়া...

ডিজিটেল ডেস্কঃ শান্ত হোৱা নাই মণিপুৰ। এতিয়াও ৰাজ্যখনত অব্যাহত আছে হিংসাত্মক পৰিস্থিতি। ৰাজ্যখনক স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ বাবে চেষ্টা অব্যাহত আছে যদিও এতিয়াও ঠায়ে ঠায়ে দুৰ্বৃত্তই হিংসাত্মক ঘটনা সংঘটিত কৰাৰ বাবে অপচেষ্টা অব্যাহত ৰাখিছে।

তাৰ মাজতে ৰাজ্যখনৰ নিৰাপত্ত উপদেষ্টা কুলদীপ সিঙে প্ৰদান কৰা এক তথ্যই সকলোৰে চকু কপালত উঠিছে। তেওঁ প্ৰকাশ কৰা মতে মণিপুৰত হিংসাত্মক ঘটনাৰ সময়ছোৱাত চুৰি হৈছে গ্ৰেণেড, মৰ্টাৰকে ধৰি ৫ লাখ গুলী আৰু ৩ হাজাৰ ৫০০ অস্ত্ৰ।

অৱশ্যে চুৰি হোৱা এই অস্ত্ৰ,শস্ত্ৰসমূহৰ হিচাপ অনানুষ্ঠানিকহে। ৰাজ্যখনৰ পৰা প্ৰকৃততে কিমান পৰিমাণৰ অস্ত্ৰ চুৰি হৈছে তাৰ কোনো আনুষ্ঠানিক অনুমান এই পৰ্যন্ত কৰিব পৰা হোৱা নাই।

তাৰ মাজতে আকৌ নিৰাপত্তাৰক্ষীয়ে শেহতীয়াকৈ চলোৱা বিভিন্ন তালাচী অভিযানত ১১ হাজাৰ ৭৬৩ টা গুলী, ৮৯৬ টা বিভিন্ন অস্ত্ৰ আৰু ২০০ টা বোমা উদ্ধাৰ কৰিছে। উল্লেখ্য যে, মণিপুৰৰ হিংসাত্মক ঘটনাত উত্তেজনা কিছু হ্ৰাস পোৱাৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যখনলৈ ৩ দিনীয়া ভ্ৰমণসূচীৰে আহিছিল।

এই সময়ছোৱাত তেওঁ প্ৰশাসনীয় বিষয়াৰ উপৰিও বিভিন্ন দল, সংগঠন, নেতৃস্থানীয় লোক, বিভিন্ন গোটৰ নেতৃত্ব আদিৰ সৈতে পৃথকে পৃথকে বৈঠকত মিলিত হৈছিল। তাৰ মাজতে তেওঁ ৰাজ্যখনৰ নাগৰিকক শান্তিৰ বাতাবৰণ ঘূৰাই আনিবলৈ আহ্বান জনোৱাৰ লগতে চুৰি হোৱা অস্ত্ৰ, শস্ত্ৰসমূহ ঘূৰাই দিবলৈও আহ্বান জনাইছিল।

তেওঁৰ এই আহ্বানৰ প্ৰতিও একাংশ লোকে সহাৰি জনাইছে। মণিপুৰ প্ৰশাসনে আশা কৰিছে চুৰি হোৱা অস্ত্ৰ, শস্ত্ৰৰ এটা বৃহৎ অংশ উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব। অৱশ্যে কুকি আৰু মেইটেইসকলৰ মাজত হিংসাত্মক ঘটনা অব্যাহত থকাৰ বাবে এই উদ্ধাৰ কাৰ্য কিছু বিলম্বও হ'ব পাৰে বুলি প্ৰকাশ কৰিছে।

ইফালে মণিপুৰ প্ৰশাসনে অস্ত্ৰ উদ্ধাৰৰ বাবে আন এক অভিনৱ ব্যৱস্থা হাতত লৈছে। তেঁলোকে স্থাপন কৰিছে এটা ড্ৰপ বক্স। এই ড্ৰপ বক্সতে চুৰি হোৱা বা কাঢ়িলোৱা অস্ত্ৰ, শস্ত্ৰসমূহ জমা দিবলৈ অনুৰোধ জনোৱা হৈছে। এই ব্যৱস্থাৰেও সুফল লাভ কৰিছে।

উল্লেখ্য, মণিপুৰৰ হিংসাত্মক ঘটনাত এই পৰ্যন্ত ৪০ হাজাৰৰো অধিক লোক গৃহহীন হৈছে। আনুষ্ঠানিক তথ্য অনুসৰিয়েই ১০৫ জন লোকৰ প্ৰাণ নাশ হৈছে। আহতৰ সংখ্যাও কেইবা শতাধিক।

হিংসাত্মত ঘটনাৰ মাজতে চোৰ হ'ল মণিপুৰৰ অস্ত্ৰভাণ্ডাৰ ! আৰম্ভ হৈছে পুনৰ উদ্ধাৰ প্ৰক্ৰিয়া...
পত্নী আৰু শাহুক ছুৰীৰে আঘাত কৰি হত্যাৰ অপচেষ্টা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in