পত্নী আৰু শাহুক ছুৰীৰে আঘাত কৰি হত্যাৰ অপচেষ্টা...

পত্নী আৰু শাহুক ছুৰীৰে আঘাত কৰি হত্যাৰ অপচেষ্টা...
পত্নী আৰু শাহুক ছুৰীৰে আঘাত কৰি হত্যাৰ অপচেষ্টা...

ডিজিটেল সংবাদ মায়ংঃ জাগীৰোড থানাৰ অন্তৰ্গত ঝাৰগাঁও পঞ্চায়তৰ হাৰিয়াপাৰত শুকুৰবাৰে এক শিহৰণকাৰী ঘটনা সংঘটিত হয়। নিজ পত্নী আৰু শাহুক প্ৰাণে মৰাৰ চেষ্টা এজন যুৱকৰ। আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা।

ঘটনাৰ বিৱৰণ অনুসৰি সূৰুজ নামৰ এজন যুৱকে শহুৰৰ ঘৰত গৈ নিজ পত্নী হালিমা খাতুন (২৬) আৰু শাহু চাজেদা বেগমক (৫৫)ক এখন ছুৰীৰে হানি-খুচি হত্যা কৰাৰ অপচেষ্টা কৰে আৰু পৰৱৰ্তী সময়ত পলায়ন কৰে। অৱশ্যে পৰৱৰ্তী সময়ত তেওঁ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। বৰ্তমানেও সূৰুজ আক্ষীৰ জিম্মাতে আছে।

জোঁৱায়েকৰ ছুৰীৰ আঘাতত গুৰুতৰ ভাৱে আহত হোৱা চাজেদা বেগম আৰু পত্নী হালিমা খাতুনে ঘটনা সংঘটিত হোৱাৰ সময়তে চিঞৰ বাখৰ কৰাত স্থানীয় লোক আহি তেওঁলোকৰ ঘৰত উপস্থিত হয়। পৰৱৰ্তী সময়ত আহত দুয়োকে ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱাৰ বাবে এম্বুলেঞ্চৰ সৈতে যোগাযোগ কৰে যদিও এম্বুলেঞ্চ নাপায় ব্যক্তিগত বাহনতে হাস্পতাললৈ লৈ যায়।

তেজৰে ৰাঙলী হৈ পৰা দুই মাতৃ, কন্যাক অতি সংকটজনক অৱস্থাত মৰিগাওঁ চিভিল হাস্পতালত ভৰ্তি কৰোৱা হয়। ইফালে স্বাস্থ্যৰ অধিক অৱনতিৰ বাবে চাজেদা বেগমক জি এম চি এইছলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। ইপিনে ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰা সূৰুজ আলীয়ে ঘৰৰ পৰা লৈ যোৱা ছুৰীখন ওচৰৰ এটা খালত পেলাই থৈ অকলেই জাগীৰোড থানাত গৈ আত্মসমৰ্পণ কৰে।

জাগীৰোড থানাৰ আৰক্ষী বিষয়া মুন প্ৰসাদ তিৱাৰীৰ নিৰ্দেশ ক্ৰমে আৰক্ষীৰ এটা দলে সূৰুজ আলীক মেডিকেল কৰাই লগে লগে ঘটনাস্হলীলৈ ৰাওনা হয়। ঘটনাস্থলিত গৈ সাক্ষী-বাদী সংগ্ৰহ কৰাৰ লগতে কিদৰে ছুৰীৰে প্ৰাণে মৰাৰ চেষ্টা কৰিছিল সেই ভাষ্য গ্ৰহণ কৰে।

জানিব পৰা মতে ৭ বছৰ পূৰ্বে সামাজিক ৰীতি-নীতিৰ মাজেৰে বিবাহ কৰোৱা হালিমাক দস্যু স্বামী সূৰুজ আলীয়ে যৌতুক দাবী কৰি বিভিন্ন সময়ত মাৰপিট কৰি আহিছিল বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত হালিমাই থানাত এক গোচৰ ৰুজু কৰিছিল। তাৰ পিছৰে পৰাই যোৱা ডেৰমাহ ধৰি স্বামীৰ আতিশয্য সহ্য কৰিব নোৱাৰি মাতৃ গৃহত আশ্ৰয় লৈ আছিল হালিমাই।

শুকুৰবাৰে অকস্মাত হালিমাৰ মাতৃগৃহত উপস্থিত হৈ গোচৰ উঠাই লোৱাৰ বাবে ভয় ভাবুকি প্ৰদান কৰি সূৰুজে এই জঘণ্য ঘটনা সংঘটিত কৰে। পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে সূৰুজৰ উপযুক্ত শাস্তি বিচাৰিছে।

পত্নী আৰু শাহুক ছুৰীৰে আঘাত কৰি হত্যাৰ অপচেষ্টা...
পথাৰত চিৰাল ফাটঃ কৃষকক পানী যোগানত ব্যৰ্থ বৰডিকৰাই জলসিঞ্চন প্ৰকল্প...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in