/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/2288e980-360f-48f3-b6f0-58a782ace4be/9.jpg)
ডিজিটেল ডেস্কঃ নিৰ্বাচনী ধামখুমীয়াৰ মাজতেই পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ। মণিপুৰৰ পশ্চিম ইম্ফলৰ কাংপোকপিত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। দুটা ফৈদৰ মাজত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা।
উল্লেখযোগ্য যে কৌট্টুক গাঁৱত দুই বন্দুকধাৰী গোটৰ মাজত গুলীয়াগুলী সংঘটিত হয়। অস্ত্ৰধাৰীৰ নিৰ্বিচাৰ গুলীচলনাত আতংকিত হৈ পৰিছে স্থানীয় বাসিন্দা।
ঘটনাস্থলীত আৰক্ষী নিৰাপত্তাৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। শিশু মহিলা, বৃদ্ধসকলক আৰক্ষী প্ৰশাসনে ইতিমধ্যে নিৰাপদ স্থানলৈ প্ৰেৰণ কৰিছে। উক্ত ঘটনাক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনা অব্যাহত আছে।
Also Read: ১০৬ সংখ্যক চতিয়াৰ মাধুৰী আঁহতৰ তলৰ মুকলি বিহু...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us