১০৬ সংখ্যক চতিয়াৰ মাধুৰী আঁহতৰ তলৰ মুকলি বিহু...

১০৬ সংখ্যক চতিয়াৰ মাধুৰী আঁহতৰ তলৰ মুকলি বিহু...

author-image
Asomiya Pratidin
New Update
১০৬ সংখ্যক চতিয়াৰ মাধুৰী আঁহতৰ তলৰ  মুকলি বিহু...

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ ১৯১৮ চনতেই চতিয়াৰ মাধুৰী আঁহতৰ তলৰ মুকলি বিহু অনুষ্ঠিত হৈছিল। ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আজিও চতিয়াৰ ৰাইজৰ হিয়াৰ আমঠু শতবৰ্ষ গৰকা এই মাধুৰী আঁহতৰ তলত শনিবাৰে বিয়লি ১০৬ সংখ্যক মুকলি বিহু উলহ মালহৰে অনুষ্ঠিত হয়।

Advertisment

চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই আনুষ্ঠানিকভাৱে উন্মোচন কৰা এই মুকলি বিহু প্ৰতিযোগিতাত অসমৰ বিভিন্ন ঠাইৰ কুৰিৰো অধিক বিহু দলে অংশগ্ৰহণ কৰে। চতিয়াৰ এই ঐতিহাসিক মুকলি বিহুত অংশগ্ৰহণ কৰে গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ মুখ্য বিমান কোঠ বিষয়া উৎপল বাদল বৰুৱাই।

Also Read: বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন

rongali bihu jamugurihaat padma hazarika