মণিপুৰবাসীলৈ মুখ্যমন্ত্ৰীৰ শেষ সতৰ্কবাণীঃ বিজেপিৰ সংগ ত্যাগৰ হুংকাৰ NPP ৰ...

মণিপুৰবাসীলৈ মুখ্যমন্ত্ৰীৰ শেষ সতৰ্কবাণীঃ বিজেপিৰ সংগ ত্যাগৰ হুংকাৰ NPP ৰ...
মণিপুৰবাসীলৈ মুখ্যমন্ত্ৰীৰ শেষ সতৰ্কবাণীঃ বিজেপিৰ সংগ ত্যাগৰ হুংকাৰ NPP ৰ...

ডিজিটেল ডেস্কঃ হিংসা পৰিহাৰ কৰি শান্তি প্ৰতিষ্ঠাত সহযোগিতা নকৰিলে ভয়ানক পৰিস্থিতি সন্মুখীন হ'ব লাগিব। অগ্নি গৰ্ভা মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এইদৰে সতৰ্কবাণী শুনাইছে ৰাজ্যবাসীক।

সোমবাৰে ৰাজ্যখনৰ নিৰাপত্তা সংক্ৰান্তীয় এখন বৈঠকৰ পূৰ্বে এই বাৰ্তা দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে, সোমবাৰে মণিপুৰৰ বিক্ষোভকাৰীসকলৰ গুলীত গুৰুতৰ ভাৱে আহত হৈছিল এজন সেনা জোৱান।

সেনা চাউনীৰ পাঁচটাকৈ গৃহও জ্বলাই দিয়া হৈছিল। তাৰ পাছতেই মুখ্যমন্ত্ৰী এন বীৰেন সিঙে সতৰ্ক কৰি দিলে বিক্ষোভকাৰীসকলক। ক’লে ইয়াৰ পৰিণাম ভয়াৱহ হ'ব।

সাংবাদিকৰ সন্মুখত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, আন্দোলনকাৰীসকলক স্পষ্টকৈ কৈছো হিংসা কমাওক। সংঘৰ্ষ বন্ধ কৰক। নহলে ফল ভূগিব লাগিব। সেয়ে জনতাক অনুৰোধ কৰিছো আপোনালোকে হাতত অস্ত্ৰ তুলি নল'ব। শান্তি বজাই ৰাখক। তেতিয়াহে মণিপুৰলৈ শান্তি ঘূৰি আহিব।

সাংবাদিকৰ আগত এই ভাষ্য প্ৰদান কৰাৰ সময়ত তেওঁ অৱশ্যে এবাৰো কুকি অথবা মেইটেইসকলৰ নাম উচ্চাৰণ নকৰিলে। সেয়ে বহুতেই সন্দেহ কৰিছে মুখ্যমন্ত্ৰীৰ এই সতৰ্কবাণী কুকিসকলৰ প্ৰতিয়েই আছিল।

স্মৰ্তব্য যে, পূৰ্বে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে মণিপুৰৰ হিংসাত্মক ঘটনাৰ আঁৰত কুকি উগ্ৰপন্থী জড়িত হৈ আছে বুলি দাবী কৰিছে। তাৰ মাজতে আকৌ বিজেপিয়ে মণিপুৰৰ শাসন দখলৰ ক্ষেত্ৰত এই কুকি উগ্ৰপন্থীৰ সহায় লোৱাৰো মুকলি অভিযোগ উত্থাপন হৈছিল।

যোৱা এপ্ৰিল মাহৰ পৰাই উত্তপ্ত হৈ আছে মণিপুৰ। ৩ মে'ত বাহিৰ হোৱা এক প্ৰতিবাদী সমদলৰ পৰা সূত্ৰপাত হোৱা এই হিংসাত্মক ঘটনাত এই পৰ্যন্ত শতাধিক লোকৰ প্ৰাণহানী হৈছে। সাধাৰণ লোকৰ ঘৰৰ কথাটো বাদেই কেন্দ্ৰীয় মন্ত্ৰীৰো ঘৰ জ্বলাই দিছে দুৰ্বৃত্তই।

এই হিংসাত্মক ঘটনাৰ পৰা ৰেহাই পোৱা নাই সেনা জোৱানেও। মৃত লোকসকলৰ মাজত আছে কেইবাজনো জোৱান। প্ৰাণৰ মমতাত মণিপুৰ আৰক্ষীৰ চাকৰি ত্যাগ কৰিবলৈ ওলাইছে সহস্ৰাধিকে।

গৃহমন্ত্ৰী অমিত শ্বাহে ৩ দিনীয়া ভ্ৰমণসূচীৰে মণিপুৰলৈ আহি হিংসা হ্ৰাস কৰাৰ চেষ্টা চলাইছিল যদিও সেই প্ৰচেষ্টা ব্যৰ্থ হৈছে। কেৱল কেইজনমান লোকৰ সৈতে আলোচনা, দল, সংগঠনৰ নেতাক সাক্ষাৎ কৰি প্ৰশাসনৰ লোককসকলক নিৰ্দেশনা প্ৰদান কৰিয়েই মণিপুৰ ত্যাগ কৰা গৃহমন্ত্ৰীৰ প্ৰচেষ্টা ব্যৰ্থ হোৱাৰ পাছত সকলোৱে প্ৰধানমন্ত্ৰী মোডীৰ হস্তক্ষেপ দাবী কৰি আহিছে।

তাৰ মাজতো নীৰৱ হৈ আছে প্ৰধানমন্ত্ৰী মোডী। আনকি মণিপুৰৰ পৰা যোৱা প্ৰতিনিধিকো দিল্লীত সাক্ষাৎ দিয়া নাই প্ৰধানমন্ত্ৰীগৰাকীয়ে। এনে পৰিস্থিতিত মণিপুৰৰ ৰাজনৈতিক পৰিৱেশো সলনি হোৱাৰ ইংগিত পোৱা গৈছে। মোডীৰ মৌনতাত অসন্তুষ্ট হৈ পৰিছে স নেশ্যনেল পিপলছ পাৰ্টী। তেওঁলোকে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰাৰ হুংকাৰ দিছে।  

মণিপুৰবাসীলৈ মুখ্যমন্ত্ৰীৰ শেষ সতৰ্কবাণীঃ বিজেপিৰ সংগ ত্যাগৰ হুংকাৰ NPP ৰ...
কেন্দ্ৰীয় চৰকাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ ছিনিয়ৰ ফেল'শ্বিপ জ্যেষ্ঠ সাংবাদিক লাচিত বৰ্মনলৈ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in