কেন্দ্ৰীয় চৰকাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ ছিনিয়ৰ ফেল'শ্বিপ জ্যেষ্ঠ সাংবাদিক লাচিত বৰ্মনলৈ...

কেন্দ্ৰীয় চৰকাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ ছিনিয়ৰ ফেল'শ্বিপ জ্যেষ্ঠ সাংবাদিক লাচিত বৰ্মনলৈ...
কেন্দ্ৰীয় চৰকাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ ছিনিয়ৰ ফেল'শ্বিপ জ্যেষ্ঠ সাংবাদিক লাচিত বৰ্মনলৈ...

ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনৰ চেণ্টাৰ ফৰ কালচাৰেল ৰিচাৰ্ছেছ এণ্ড ট্ৰেইনিঙৰ ২০২০-২১ বৰ্ষৰ জুনিয়ৰ আৰু ছিনিয়ৰ ফেল'শ্বিপ ঘোষণা কৰা হৈছে। 'সাদিন'ৰ জ্যেষ্ঠ সাংবাদিক লাচিত বৰ্মন নিৰ্বাচিত হৈছে ছিনিয়ৰ ফেল'শ্বিপৰ বাবে।

বৰ্মনে 'অসমৰ জনজাতীয় সমাজৰ পৰম্পৰাগত পানীয় আৰু ইয়াৰ সৈতে জড়িত সংস্কৃতি তথা পৰ্যটনৰ সম্ভাৱনা' শীৰ্ষক অধ্যয়নৰ বাবে ২ টা বছৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এই জলপানী লাভ কৰিছে। প্ৰায় ২০০ জনীয়া এই তালিকাত ছিনিয়ৰ ফেলশ্বিপৰ বাবে অসমৰ পৰা নিৰ্বাচিত হৈছে ক্ৰমে- সত্ৰীয়া নৃত্যৰ বাবে সীতাৰাণী হাজৰিকা, লোকনৃত্যৰ বাবে চেতনা বৰগোহাঁই বৰা, লোক সংগীতৰ বাবে সোমনাথ বৰা ওজা, পৰিস্মিতা শৰ্মা।

ইয়াৰ উপৰিও লোক অন্যান্য শিতানত শিৱসাগৰৰ মণিমালা বৰুৱা, প্লাৱিতা বৰঠাকুৰ চেংগে, গুৱাহাটীৰ মহানন্দ শৰ্মা। থিয়েটাৰ শিতানত অতুল মজুমদাৰ, ৰবিজিতা গগৈ, পল্লৱী শৰ্মা, মনোজ শইকীয়াই এই বৃত্তি লাভ কৰিছিল।

আনহাতে জুনিয়ৰ ফেল'শ্বিপৰ বাবে ২০২০-২১ বৰ্ষত অসমৰ পৰা নিৰ্বাচিত হৈছে পৰম্পৰাগত আৰু খিলঞ্জীয়া আৰ্ট শাখাত স্বাগতা শৰ্মা, সাহিত্য শিতানত দৈনিক অসমৰ সাংবাদিক সাংবাদিক হীৰেন শৰ্মা, সাংস্কৃতিক অৰ্থনীতিৰ শিতানত নৱ কুমাৰ ভৰালী, মেনেজ মেণ্ট অফ হেৰিটেজ এণ্ড আৰ্ট এণ্ড কালচাৰেল ইনষ্টিটিউচন শিতানত চনিকা হাজৰিকা, থিয়েটাৰ শিতানত সুৰোজ কুমাৰ কলিতা, মৌচুমী বৰপাত্ৰ গোহাঁই, ৰিপম ভৰদ্বাজে এই ফেলশ্বিপ লাভ কৰিছে।

কেন্দ্ৰীয় চৰকাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ ছিনিয়ৰ ফেল'শ্বিপ জ্যেষ্ঠ সাংবাদিক লাচিত বৰ্মনলৈ...
ৰাজ্যত স্থাপন হ'ব ৪ খন চাইবাৰ আৰক্ষী থানা...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in