পুনৰ হিংসা! মণিপুৰত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আক্ৰমণৰ চেষ্টা একাংশৰ

পুনৰ মণিপুৰত হিংসা। বৃহস্পতিবাৰে মণিপুৰৰ চুৰাচান্দপুৰত আৰক্ষী অধীক্ষকৰ (এছপি) কাৰ্যালয়ত এদল জনতাই আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল।

author-image
Asomiya Pratidin
New Update
পুনৰ হিংসা! মণিপুৰত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আক্ৰমণৰ চেষ্টা একাংশৰ

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ পুনৰ মণিপুৰত হিংসা। বৃহস্পতিবাৰে মণিপুৰৰ চুৰাচান্দপুৰত আৰক্ষী অধীক্ষকৰ (এছপি) কাৰ্যালয়ত এদল জনতাই আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল। সশস্ত্ৰ লোকৰ সৈতে এজন আৰক্ষী কনিষ্টবলক দেখা পোৱাৰ পাছত তেওঁক নিলম্বন কৰা হৈছিল। তাৰ পাছতে এই ঘটনা সংঘটিত হয়।

Advertisment

আৰক্ষীয়ে কয় যে , আজি প্ৰায় ৩০০-৪০০ জনলোকৰ এটা দলে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল আৰু শিলগুটি নিক্ষেপ কৰিছিল। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰএএফকে ধৰি অন্যান্য সুৰক্ষা বাহিনীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিছিল।

উল্লেখ্য যে, বিগত বৰ্ষৰ মে' মাহৰ পৰা মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত হৈ আছে। মণিপুৰৰ পৰিস্থিতি পূৰ্বতকৈ কিছু পৰিমাণে শাম কাটিলেও সম্পূৰ্ণ ঠিক হোৱা নাই। এতিয়াও মণিপুৰত ইন্টাৰনেটত নিষেধাজ্ঞা আছে। এই সংঘৰ্ষত এতিয়ালৈকে বহু মানুহৰ মৃত্যু হোৱাৰ লগতে বহু আহত হৈছে।

Also Read: মহানগৰীৰ অপহৰণ কাণ্ডৰ আঁৰত ৰেল ষ্টেচনত গান গাই ফুৰা যুৱক

manipur