মহানগৰীৰ অপহৰণ কাণ্ডৰ আঁৰত ৰেল ষ্টেচনত গান গাই ফুৰা যুৱক

মহানগৰীৰ অপহৰণ কাণ্ডৰ ওলাইছে নতুন মোৰ। সৰস্বতী পূজাৰ দিনা সন্ধান হোৱা দুই ছাত্ৰীক উদ্ধাৰ কৰাৰ পিছতেই পোহৰলৈ আহিছে ভয়ংকৰ তথ্য।

author-image
Asomiya Pratidin
New Update
মহানগৰীৰ অপহৰণ কাণ্ডৰ আঁৰত ৰেল ষ্টেচনত গান গাই ফুৰা যুৱক

ডিজিটেল ডেস্কঃ মহানগৰীৰ অপহৰণ কাণ্ডৰ ওলাইছে নতুন মোৰ। সৰস্বতী পূজাৰ দিনা সন্ধান হোৱা দুই ছাত্ৰীক উদ্ধাৰ কৰাৰ পিছতেই পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে দুই যুৱকক।

Advertisment

গ্ৰেপ্তাৰ হোৱা দুই যুৱক মাধৱ দাস ওৰফে ৰাহুল আৰু অৰুণ দাস। আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ অহা অনুসৰি মানৱ সৰবৰাহকাৰীৰ কবলত পৰিছিল দুই ছাত্ৰী। মাধৱ দাস ওৰফে ৰাহুল ৰেলেৰে দুই ছাত্ৰীক লৈ গৈছিল টিহুলৈ।

তাৰপাছতে টিহুৰ অৰুন দাসৰ সহযোগিতাত দুই ছাত্ৰীক ৰাহুলে ৰাখিছিল অৰুণৰ বায়েক জুনুমণি ৰামচিয়াৰীৰ ঘৰত। জানিব পৰা মতে ৰাহুলে ৰেল ষ্টেচনত গান গাই ফুৰে।

ৰাহুলৰ লগত দুই ছাত্ৰী চিনাকি কেনেকৈ হৈছিল সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। গুৱাহাটীলৈ আনি থকা হৈছে দুই ছাত্ৰীসহ ৰাহুল আৰু অৰুণক। ঘটনা সন্দৰ্ভত আৰক্ষীৰ পৰৱৰ্তী তদন্তৰ পাছত পোহৰলৈ আহিব অন্য তথ্য।

Also Read: ছাইৰেন গেং! বিজেপি যুৱ মৰ্চাৰ মণ্ডল সভাপতিক দায়িত্বৰ পৰা অব্যাহতি

Assam police