ছুটীত থকা সেনা জোৱানক অপহৰণ কৰি নৃশংসভাৱে হত্যা কৰিলে দুৰ্বৃত্তই

ছুটীত থকা সেনা জোৱানক অপহৰণ কৰি নৃশংসভাৱে হত্যা কৰিলে দুৰ্বৃত্তই

ডিজিটেল ডেস্কঃ এতিয়াও শান্ত হোৱা নাই মণিপুৰৰ পৰিস্থিতি। পূৰ্বতকৈ কিছু পৰিমাণে হিংসাত্মক কাৰ্যকালাপ হ্ৰাস হলেও প্ৰায় মণিপুৰত এতিয়াও প্ৰতিদিনেই নৃশংস ঘটনা সংঘটিত হৈ আছে।

ইয়াৰ মাজতে মণিপুৰৰ এখন গাঁৱত ঘৰৰ পৰা অপহৰণ কৰা সেনা জোৱান এজনক হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে। চেৰ্টো থাংথাং কম নামৰ সেনা জোৱানগৰাকী ছুটীত আছিল। শনিবাৰে ইম্ফল পশ্চিম জিলাৰ ঘৰৰ পৰা তেওঁক দুৰ্বৃত্তই অপহৰণ কৰি নিয়াৰ পাছতে দেওবাৰে পুৱা মৃতদেহ উদ্ধাৰ হয়।

কালি পুৱা প্ৰায় ১০ বজাত অচিনাক্ত সশস্ত্ৰ একাংশ লোকে তেওঁৰ ঘৰৰ পৰা অপহৰণ কৰি নিয়ে। এই কথা জনাইছে সেনা জোৱানগৰাকীৰ ১০ বছৰীয়া পুত্ৰই। শিশুটিৰ মতে যেতিয়া তেওঁৰ পিতৃয়ে ঘৰৰ বাৰাণ্ডাত বহি কাম কৰি আছিল তেতিয়া তেওঁক অপহৰণ কৰি নিছিল। প্ৰথমে দুৰ্বৃত্ত কেইজনে তেওঁৰ মূৰত বন্দুক টোৱাইছিল আৰু পাছত বগা বাহন এখনত অপহৰণ কৰি নিছিল।

তেওঁৰ মৃতদেহ ইম্ফল পূবৰ মংজামৰ পূবে খুনিংথেক গাঁৱত উদ্ধাৰ হৈছিল। মূৰত গুলীয়াই হত্যা কৰা হৈছিল সৈনিকজনক। মৃত্যুৰ সময়ত সৈনিকজনে পত্নী, পুত্ৰ আৰু জীয়ৰীক এৰি থৈ যায়।

ছুটীত থকা সেনা জোৱানক অপহৰণ কৰি নৃশংসভাৱে হত্যা কৰিলে দুৰ্বৃত্তই
কাইলৈৰ পৰা বৰষুণ, বজ্ৰপাতৰ সম্ভাৱণাঃ সতৰ্কতা জাৰি বতৰ বিজ্ঞান বিভাগৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in