কাইলৈৰ পৰা বৰষুণ, বজ্ৰপাতৰ সম্ভাৱণাঃ সতৰ্কতা জাৰি বতৰ বিজ্ঞান বিভাগৰ

গৰমে দহিছে ৰাজ্য। বিগত কেইটামান দিন ধৰি বৃদ্ধি পোৱা গৰমৰ প্ৰকোপে জ্বলা-কলা খুৱাইছে ৰাইজক।

author-image
Asomiya Pratidin
New Update
মোকাঃ প্ৰতি ঘন্টাত ১৭৫ কিলোমিটাৰ! উত্তৰ-পূৱত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱণা...

ডিজিটেল ডেস্কঃ গৰমে দহিছে ৰাজ্য। বিগত কেইটামান দিন ধৰি বৃদ্ধি পোৱা গৰমৰ প্ৰকোপে জ্বলা-কলা খুৱাইছে ৰাইজক। প্ৰায় প্ৰতিদিনেই গৰমৰ তাপমান ৩৫ ৰ পৰা ৩৯ ডিগ্ৰী পৰ্যন্ত হয়গৈ।

Advertisment

ইয়াৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া তথ্য অনুসৰি আগন্তুক কেইটামান দিনত ৰাজ্যত বৰষুণ হোৱাৰ সম্ভাৱণা আছে। আগন্তুক ৫ দিনত ৰাজ্যৰ বেছিভাগ অঞ্চলতে পাতলৰ পৰা মধ্যমীয়া বৰষুণহোৱাৰ সম্ভাৱনা আছে। অৱশ্যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কৈছে যে সমগ্ৰ অঞ্চলটোত দিনৰ তাপমাত্ৰা সাধাৰণতকৈ বেছিয়েই থাকিব।

অসমৰ লগতে মেঘালয়ৰ বিভিন্ন স্থানত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হ'ব পাৰে আৰু অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন স্থানত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱণা আছে।

আইএমডিৰ মতে, সোমবাৰে অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কেইটামান স্থানত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনহাতে মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰাৰ লগতে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ আৰু ত্ৰিপুৰাত বজ্ৰপাত আৰু বজ্ৰপাতৰ সতৰ্কবাণী জাৰি কৰিছে।

মঙলবাৰে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বহু ঠাইত মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে আনহাতে অৰুণাচল প্ৰদেশৰ কেইটামান ঠাইত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে বজ্ৰপাতৰ সম্ভাৱনা আছে।

Also Read: মহম্মদ ছিৰাজে নল'লে আৰ্থিক পুৰস্কাৰ: এখনো মেচ নেখেলা এটা দলে লাভ কৰিলে ৪২ লাখ

IMD rain