পদত্যাগ কৰিব নে এন বীৰেন সিঙে? অমিত শ্বাহৰ নতুন পৰিকল্পনাঃ মণিপুৰত পৃথক ৰাজ্যৰো দাবী...

পদত্যাগ কৰিব নে এন বীৰেন সিঙে? অমিত শ্বাহৰ নতুন পৰিকল্পনাঃ মণিপুৰত পৃথক ৰাজ্যৰো দাবী...
পদত্যাগ কৰিব নে এন বীৰেন সিঙে? অমিত শ্বাহৰ নতুন পৰিকল্পনাঃ মণিপুৰত পৃথক ৰাজ্যৰো দাবী...

ডিজিটেল ডেস্কঃ মণিপুৰৰ দুই মহিলাক বিবস্ত্ৰ কৰি পথত পেৰেড কৰাৰ লগতে গণ ধৰ্ষণৰ অভিযোগ উঠা ঘটনাই সমগ্ৰ দেশক জোকাৰি গৈছে। সৰ্বস্তৰৰ নাগৰিকে এই ঘটনাক গৰিহণা দিয়াৰ উপৰিও নিন্দা কৰি দোষীৰ কঠোৰ শাস্তি দাবী কৰিছে।

ঘটনাক কেন্দ্ৰ কৰি আৰম্ভ হৈছে নতুন বিতৰ্ক। তাৰ মাজতেই এতিয়া পুনৰ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগ দাবী উত্থাপিত হৈছে। ৩ মে’ৰ পৰা জ্বলিবলৈ আৰম্ভ কৰা মণিপুৰ আজিৰ তাৰিখত জ্বলি শেষ হৈ যোৱাৰ পাছতো ৰাজ্যখনৰ আৰক্ষী বাদেই কেন্দ্ৰীয় নিৰাপত্তা সংস্থায়ো নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই।

ৰাজ্যখনত এখন চৰকাৰ আৰু শাসন ব্যৱস্থা নামত আছে যদিও তাৰ কোনো অস্তিত্ব নোহোৱাৰ দৰে হৈছেগৈ। এনে পৰিস্থিতিত এন বীৰেন সিঙৰ পদত্যাগৰ লগতে মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনৰ দাবীও উত্থাপিত হৈছে।

কিন্তু খবৰ অনুসৰি এন বীৰেন সিঙক ক্ষমতাৰ পৰা আঁতৰাব বিচৰা নাই বিজেপিৰ শীৰ্ষ নেতৃত্বই। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এন বীৰেন সিঙক মুখ্যমন্ত্ৰী হিচাপে ৰাখিয়েই কুকিসহ পাহাৰীয়া জনজাতিয় লোকসকলৰ আস্থা অৰ্জনৰহে চেষ্টা আৰম্ভ কৰাৰ পৰিকল্পনা হাতত লৈছে।

মণিপুৰৰ নাৰী নিৰ্যাতনৰ ঘটনাৰ ৭৮ দিনৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এন বীৰেন সিঙক কৈফিয়ৎ তলৱ কৰা হ'ব বুলি এক সূত্ৰত প্ৰকাশ পাইছিল। কুকি, জ'কে ধৰি খ্ৰীষ্টান ধৰ্মীয় জনজাতিয় লোকসকলেই নহয়, মণিপুৰৰ দীৰ্ঘ সময়ৰ হিংসাজৰ্জৰিত পৰিস্থিতিত এন বীৰেন সিঙৰ ভূমিকাক লৈ মেইটেইসকলো সুখী নহয়।

স্বজাতি হিন্দু মেইটেইসকলেও এন বীৰেন সিঙৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। কুকিসহ জনজাতিয় লোকসকলৰ অভিযোগ এন বীৰেন সিঙৰ আচৰণ পক্ষপাতদুষ্ট। জনজাতি অধ্যুক্ষিত পাহাৰীয়া অঞ্চলত নিৰাপত্তাৰ বিষয়টো অৱজ্ঞা কৰিছে এন বীৰেন সিঙৰ চৰকাৰে।

সেয়ে সেই অঞ্চলত পৃথক প্ৰশাসনৰ দাবী উত্থাপিত হৈছে। আনহাতে ৰাজধানী ইম্ফলসহ সমতল এলেকাত সমখ্যাগৰিষ্ঠ মেইতেইসকলৰ অভিযোগ ম্যানমাৰ সীমান্তৰে আক্ৰমণ কৰা কুকি উগ্ৰপন্থীসকলৰ বিৰুদ্ধে সময়োচিত পদক্ষেপ গ্ৰহণ কৰা নাই এন বীৰেন সিঙৰ চৰকাৰ, প্ৰশাসনে।

সেয়ে এন বীৰেন সিঙক ক্ষমতাচ্যুত কৰাৰ বাবে প্ৰস্তুতি চলিছিল। বিজেপিৰ এক সূত্ৰত প্ৰকাশ পাইছে যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰ ভ্ৰমণৰ সময়তো এই বিষয়টো আলোচনা হৈছিল। প্ৰভাৱশালী বিজেপি বিধায়ক থোংগাম বিশ্বজিৎ সিংহ, ৰঘুমণি সিংহসহ পৰিষদীয় দলৰ অনেকেই এন বীৰেন সিঙৰ নেতৃত্বৰ বিৰুদ্ধে দলীয় মজিয়াত আনাস্থা প্ৰকাশ কৰিছিল।

এনে পৰিস্থিতিত যোৱা ৩০ জুনত এন বীৰেন সিঙে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ এখন নাটক ৰচনা কৰিছিল। সেই দিনা ৰাজভৱনলৈ যোৱাৰ পথত এন বীৰেন সিঙৰ হাতৰ পৰা তেওঁৰ পদত্যাগ পত্ৰ কাঢ়ি আনি ফালি পেলাইছিল দলীয় কৰ্মীয়ে।

আনহাতে যোৱা ৩ মে’ৰ পৰা মণিপুৰৰ জনজাতিয় ছাত্ৰ সংগঠন অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন অফ মণিপুৰে প্ৰতিবাদ আৰম্ভ কৰাৰ পাছতে হিংসাত্মক পৰিস্থিতি উদ্ভৱ হোৱাত ৰাজ্যখনৰ নিৰাপত্তাৰ দায়িত্ব লৈছিল কেন্দ্ৰই। সামগ্ৰিক নিৰাপত্তা ব্যৱস্থা তদাৰকৰ দায়িত্ব দিয়া হৈছিল চি আৰ পি এফৰ প্ৰাক্তন প্ৰধান কুলদীপ সিঙক।

কুলদীপ সিঙৰ অধীনত এ ডি জি পি আশুতোষ সিংহই সমগ্ৰ নিৰাপত্তা ব্যৱস্থাৰ অপাৰেশ্যন কামাণ্ডাৰ হিচাপে দায়িত্ব পালন কৰিছিল। ইফালে মণিপুৰৰ মেইটেই আৰু কুকি সকলৰ বিভিন্ন সংগঠনে বিজেপি শাসিত ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় বাহিনীৰ প্ৰতি আনাস্থা প্ৰকাশ কৰিছে।

আনহাতে কুকিসকলে পৃথক ৰাজ্যৰো দাবী উত্থাপন কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে এই দাবীত ইন্ধন যোগান ধৰিছে মিজোৰামৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ সহযোগী দল মিজো নেশ্যনেল ফ্ৰণ্টৰ মুৰব্বী জোৰামথাঙ্গাই।

পদত্যাগ কৰিব নে এন বীৰেন সিঙে? অমিত শ্বাহৰ নতুন পৰিকল্পনাঃ মণিপুৰত পৃথক ৰাজ্যৰো দাবী...
কি হ'ব ৰাহুল গান্ধীৰ ভৱিষ্যত? জে'ললৈ যাব নে সাংসদ পদ ঘূৰাই পাব? উচ্চতম ন্যায়ালয়ত শুনানি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in