কি হ'ব ৰাহুল গান্ধীৰ ভৱিষ্যত? জে'ললৈ যাব নে সাংসদ পদ ঘূৰাই পাব? উচ্চতম ন্যায়ালয়ত শুনানি...

কি হ'ব ৰাহুল গান্ধীৰ ভৱিষ্যত? জে'ললৈ যাব নে সাংসদ পদ ঘূৰাই পাব? উচ্চতম ন্যায়ালয়ত শুনানি...
কি হ'ব ৰাহুল গান্ধীৰ ভৱিষ্যত? জে'ললৈ যাব নে সাংসদ পদ ঘূৰাই পাব? উচ্চতম ন্যায়ালয়ত শুনানি...

 ডিজিটেল ডেস্কঃ মোডী উপাধি সম্পৰ্কে কৰা বিতৰ্কিত মন্তব্যৰ গোচৰত ২ বছৰৰ জে'লৰ শাস্তিৰ ওপৰত স্থগিতাদেশ বিচাৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আৱেদনৰ শুনানি শুকুৰবাৰে আৰম্ভ হৈছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰ এছ গাভাই আৰু বিচাৰপতি পি কে মিশ্ৰৰ দুজনীয়া বিচাৰপীঠে এই শুনানি গ্ৰহণ কৰিছে।

মঙ্গলবাৰে ৰাহুল গান্ধীৰ অধিবক্তা অভিষেক মনু সিঙ্ঘিয়ে শুকুৰবাৰ অথবা সোমবাৰে ৰাহুল গান্ধীৰ গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰিছিল। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় , ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে সেই আৱেদন গ্ৰহণ কৰিছিল।

অপৰাধমূলক মানহানি গোচৰত দোষী সাব্যস্ত ৰাহুল গান্ধীক যোৱা ২৩ মাৰ্চত চুৰাট মেজিষ্ট্ৰেট আদালতে ২ বছৰৰ কাৰাদণ্ড বিহিছিল।সেই ৰায়ৰ স্থগিতাদেশ বিচাৰি ৰাহুল গান্ধী কাষ চাপিছিল গুজৰাট উচ্চ ন্যায়ালয়ত।

গুজৰাট উচ্চ ন্যায়ালয়ে ৭ জুলাইত ৰাহুল গান্ধীৰ আৱেদন খাৰিজ কৰিছিল। গুজৰাট উচ্চ ন্যায়ালয়ৰ পূৰ্বে চুৰাটৰ চেছন আদালতেও ৰাহু গান্ধীৰ ওপৰত থকা গোচৰৰ ৰায় বাহাল ৰাখিছিল। শেহতীয়াকৈ যোৱা শনিবাৰে ৰাহুল গান্ধীৰ হৈ উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰিছিল তেওঁৰ অধিবক্তাগৰাকীয়ে।

এই আৱেদনত কোৱা হৈছে, যদি গুজৰাট উচ্চ ন্যায়ালয়ৰ ৭ জুলাইৰ ৰায় স্থগিত কৰা নহয়, তেন্তে বাকস্বাধীনতা, মতপ্ৰকাশৰ স্বাধীনতা, স্বাধীন চিন্তাভাৱনাৰ কণ্ঠৰোধৰ পৰিৱেশ তৈয়াৰ কৰা হ'ব।

২০১৯ চনত লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত কৰ্ণাটকত ৰাহুল গান্ধীয়ে মোডী উপাধি সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰিছিল। সেই মন্তব্যৰ বিৰুদ্ধে দাখিল কৰা এক গোচৰৰ ভিত্তিতে তেওঁক গুজৰাটৰ চুৰাটৰ এখন মেজিষ্ট্ৰেট ক'ৰ্টে ২ বছৰৰ জেলৰ শাস্তি প্ৰদান কৰিছে।

গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক পূৰ্ণেশ মোডীয়ে দাখিল কৰা এই অপৰাধমূলক মানহানি গোচৰত দোষী ৰাহুল গান্ধীক জামিন আৱেদনৰ বাবে ৩০ দিনৰ সময় নিৰ্ধাৰণ কৰি দিছিল। চুৰাট মেজিষ্ট্ৰেট আদালতৰ ৰায়ৰ ভিত্তিতেই লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ২৪ মাৰ্চত ভাৰতীয় সংবিধানৰ ১০২ (১) ই অনুচ্ছেদ আৰু জনপ্ৰতিনিধি আইন ১৯৫১ ৰ ৮ (৩) নম্বৰ অনুচ্ছেদ অনুসৰি ৰাহুল গান্ধীৰ সাংসদ পদো খাৰিজ কৰিছিল।

উল্লেখ্য যে, ৰাহুল গান্ধীৰ আৱেদনৰ ওপৰত ভিত্তি কৰি যদি উচ্চতম ন্যায়ালয়ে গুজৰাট উচ্চ ন্যায়ালয়ৰ ৰায়ত স্থগিতাদেশ জাৰি কৰে তেন্তে ৰাহুল গান্ধীয়ে সাংসদ পদ ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। আনহাতে তেওঁৰ শাস্তিৰ ওপৰত স্থগিতাদেশ দিলে জে'লযাত্ৰাৰ পৰা ৰক্ষা পালেও সাংসদ পদ ঘূৰাই নাপাব কংগ্ৰেছ নেতাগৰাকীয়ে।

আৰু যদিহে উচ্চতম ন্যায়ালয়েও চুৰাট চেছন আদালত আৰু গুজৰাট উচ্চ ন্যায়ালয়ৰ ৰায় বাহাল ৰাখে তেন্তে ৰাহুল গান্ধীৰ জে'ল যাত্ৰা নিশ্চিত হোৱাৰ লগতে সাংসদ পদো হেৰুওৱাটো নিশ্চিত। 

কি হ'ব ৰাহুল গান্ধীৰ ভৱিষ্যত? জে'ললৈ যাব নে সাংসদ পদ ঘূৰাই পাব? উচ্চতম ন্যায়ালয়ত শুনানি...
'সংগ্ৰাম লগ্নে আজি' শীৰ্ষক সুদক্ষিণা শৰ্মাৰ শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানৰ আয়োজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in