মণিপুৰৰ ম্যানমাৰ সীমান্তত আৰক্ষী বিষয়াক গুলীয়াই হত্যা

মণিপুৰৰ ম্যানমাৰ সীমান্তত সন্দেহজনক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে এজন আৰক্ষী বিষয়াক।

author-image
Asomiya Pratidin
New Update
 মণিপুৰৰ ম্যানমাৰ সীমান্তত আৰক্ষী বিষয়াক গুলীয়াই হত্যা

ডিজিটেল ডেস্কঃ মণিপুৰৰ ম্যানমাৰ সীমান্তত সন্দেহজনক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে এজন আৰক্ষী বিষয়াক। মঙলবাৰে আৰক্ষীয়ে জনাই এই কথা। ঘটনাটো টেংনুপাল জিলাৰ মোৰেহত সংঘটিত হৈছে।

Advertisment

আৰক্ষী বিষয়াগৰাকীয়ে মোৰেহৰ ইষ্টাৰ্ণ শ্বাইন স্কুল খেলপথাৰত এটা হেলিপেডৰ নিৰ্মাণ স্থানত কৰ্তব্যত আছিল। তেতিয়াই এই ঘটনা সংঘটিত হয়। নিহত এছডিপিঅ' চিংথাম আনন্দ কুমাৰ বুলি জানিব পৰা গৈছে। প্ৰথম অৱস্থাত তেওঁ আঘাতপ্ৰাপ্ত হৈছিল। কিন্তু হাস্পাতাললৈ নিয়াৰ পাছত তেওঁৰ মৃত্যু হয়।

আৰক্ষী বিষয়াগৰাকীৰ পেটত গুলী লাগিছিল। বিভিন্ন জনে সীমান্ত চহৰৰ পৰা নিৰাপত্তাকৰ্মীসকলক প্ৰত্যাহাৰ ৰখাৰ দাবী জনোৱাৰ প্ৰায় এসপ্তাহৰ পিছত এই ঘটনা সংঘটিত হৈছে।

মণিপুৰ আৰক্ষীয়ে যোৱা কেইদিনমানত ম্যানমাৰৰ ১০ জন মান লোকক গ্ৰেপ্তাৰ কৰিছিল। যিয়ে অবৈধভাৱে মণিপুৰত প্ৰৱেশ কৰি তাৰ লোকসকলে এৰি যোৱা ঘৰুৱা আচ-বাব সমূহ চুৰি কৰাৰ চেষ্টা কৰিছিল।

এই সকলোবোৰ ঘটনাৰ মাজতে এই আৰক্ষী বিষয়াগৰাকীৰ হত্যা হয়।

Also Read: কঠীয়াতলীত আঘাতপ্ৰাপ্ত বন্যহস্তীৰ বিচৰণত আতংকিত ৰাইজ

manipur