কঠীয়াতলীত আঘাতপ্ৰাপ্ত বন্যহস্তীৰ বিচৰণত আতংকিত ৰাইজ

কঠীয়াতলীত আঘাতপ্ৰাপ্ত বন্যহস্তীৰ বিচৰণত আতংকিত ৰাইজ

author-image
Asomiya Pratidin
New Update
কঠীয়াতলীত আঘাতপ্ৰাপ্ত বন্যহস্তীৰ বিচৰণত আতংকিত ৰাইজ

ডিজিটেল সংবাদ, কঠীয়াতলী: নগাঁৱৰ কন্দলী আহুতলি গড় গাঁৱৰ পাহাৰৰ নামনিত এটি আঘাতপ্ৰাপ্ত বন্যহস্তী প্ৰতক্ষ কৰি স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়ে। আঘাতপ্ৰাপ্ত বন্যহস্তীৰ চিৎকাৰত সমগ্ৰ অঞ্চলটোত উত্তেজনা বিৰাজ কৰিছে।

Advertisment

বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্য সন্ধানত নামি অহা বন্যহস্তীটো কোনো দুষ্ট লোকে আক্ৰমণ কৰাৰ ফলতে আঘাতপ্ৰাপ্ত হোৱা বুলি সন্দেহ কৰিছে বন বিভাগে ৷ হাতীটোৰ এটা ভৰিত আঘাত পোৱাত যথেষ্ট চিৎকাৰ কৰা পৰিলক্ষিত হৈছে হাতীটোৱে। কঠীয়াতলী বন বিভাগে হাতীটোৰ আহাৰৰ ব্যৱস্থা কৰাৰ লগতে উপযুক্ত চিকিৎসাৰ বাবে চিকিৎসকৰ লগত যোগাযোগ কৰিছে।

Also Read: চৰকাৰী বিদ্যালয়ৰ দুৰ্দশা : মাত্ৰ ৪জন শিক্ষকেই পাঠদান কৰি আছে ১৪০গৰাকী ছাত্ৰ-ছাত্ৰীক

Wild elephanat