পুনৰ অশান্ত মণিপুৰ! খেতি পথাৰতে গুলীয়াই কৰে হত্যা এজনক

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, বেকাজানঃ অশান্ত জৰ্জৰিত মণিপুৰত মঙলবাৰে পুনৰ বিষ্ণুপুৰ জিলাত সংঘটিত হয় কৃষকক হত্যাকাণ্ডৰ ঘটনা । মঙলবাৰে পুৱা মেইটেই গাঁৱৰ নাৰান্সেইনা মানিং লৌবুকত ধাননি পথাৰত কাম কৰি থকা কৃষকসকলৰ ওপৰত সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে। এই আক্ৰমণৰ ফলত ছালাম জোটিন নামৰ ৩৮ বছৰীয়া কৃষকৰ বুকুত গুলীৰ আঘাত কৰে।

লগে লগে তেওঁক ৰাজ-মেডিচিটিলৈ লৈ যোৱা হয় । প্ৰাপ্ত খবৰৰ মতে নাৰান্সেইনা মানিং লৌবুকৰ পশ্চিম দিশত সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ সৈতে যুঁজিবলৈ ৰাজ্যিক নিৰাপত্তা বাহিনী আৰু গাঁৱৰ স্বেচ্ছাসেৱকসকলে সংগঠিত হোৱাৰ সময়তে কুকি উগ্ৰপন্থীৰ গুলী চালনাত মুঠ ৯ জন ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে। এই গুলী চালনাত এজন লোকে প্ৰাণ হেৰুৱাইছে।

ইফালে বিষ্ণুপুৰ জিলাৰ ফুবালা মানিং আৰু থামনাপোকী আদি স্থানৰ পৰাও গুলীচালনাৰ ঘটনাৰ খবৰ পোৱা গৈছে। নৰনচেইনাৰ ঘটনাত ছংডো গাঁৱৰ এজন সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়েও আঘাতপ্ৰাপ্ত হয় আৰু পিছত জিলা চিকিৎসালয় চুৰাচান্দপুৰত আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি লয়।

নৰনচেইনা আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ মহিলাসকলে অঞ্চলটোত নিয়োজিত কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে নিজৰ ধাননি পথাৰত কাম কৰি থকা কৃষকসকলক কুকি উগ্ৰপন্থীয়ে আক্ৰমণ কৰাত বাধা নিদিয়াৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে। তদুপৰি ‘বাফাৰ জ’ন’ এলেকাত নিয়োজিত কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে পাহাৰৰ ফালৰ পৰা অহা অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে ‘বাফাৰ জ’ন’ পাৰ হৈ আক্ৰমণ আৰম্ভ কৰাৰ সময়তো নীৰৱ দৰ্শক হিচাপে থকা বুলি অভিযোগ উত্থাপন কৰে।

প্ৰতীকি ফটো
ভদীয়া বানৰ কবলত গোলাঘাট

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in