মিজোৰামৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ ১০ কুকি বিধায়ক-নাগৰিক সমাজৰ

মিজোৰামৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ ১০ কুকি বিধায়ক-নাগৰিক সমাজৰ

author-image
Asomiya Pratidin
New Update
 মিজোৰামৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ  ১০ কুকি বিধায়ক-নাগৰিক সমাজৰ

ডিজিটেল সংবাদ, বেকাজানঃ মণিপুৰৰ দহ গৰাকী কুকি বিধায়ক আৰু নাগৰিক সমাজ সংগঠন (চি এছ অ’) আৰু ছাচপেনচন অৱ অপাৰেচন (এছ অ’ অ’) গোটে বুধবাৰে আইজলত মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাক সাক্ষাৎ কৰে। শেহতীয়াকৈ মণিপুৰত সংঘটিত গোষ্ঠী সংঘৰ্ষৰ হিংসাত্মক পৰিস্থিতিৰ বাবে পাহাৰীয়া অঞ্চলৰ বিশেষকৈ কুকি জো সম্প্ৰদায়ৰ মানুহৰ দুখ-কষ্টত জোৰামথাংগাক যথেষ্ট মৰ্মাহত বুলিও কয়।

Advertisment

মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই কয় যে মিজোৰামৰ জনসাধাৰণে নিজৰ জনগোষ্ঠীৰ ভাই-ভনীক সহায় কৰিবলৈ সাজু হৈ আছে আৰু ভৱিষ্যতৰ কাৰ্যপন্থা বিভিন্ন সংগঠন আৰু জনসাধাৰণৰ লগত আলোচনা কৰি আগবঢ়াই নিব লাগে বুলিও তেওঁলোকে কয়। প্ৰতিনিধি দলটোত মন্ত্ৰী, বিধায়ক, মিজো জনগণৰ প্ৰতিনিধি, কুকি ছাত্ৰ সংগঠন, হমাৰ ইনপুইৰ ওপৰিও ট্ৰাইবেল ইউনিটি, জোমি কাউন্সিল ষ্টুডেণ্ট অৰ্গেনাইজেচনকে ধৰি অন্যান্য সংগঠনসমূহ উপস্থিত থাকে।

উল্লেখযোগ্য যে যোৱা ৩ মে’ত মণিপুৰৰ জাতিগত হিংসা সংঘটিত হোৱাৰ পিছৰে পৰা মণিপুৰৰ পাহাৰীয়া জিলাৰ কুকি বিধায়কসকলৰ লগতে SoO গোট আৰু কুকি চি এছ অ’ৰ লগতে পৃথক প্ৰশাসনৰ দাবী উত্থাপন কৰি আহিছে। বিশেষকৈ ৰাজ্য চৰকাৰক অজনজাতীয় মেইটেই সম্প্ৰদায়ক অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ কথা বিবেচনা কৰিবলৈ নিৰ্দেশ দিয়া উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক লৈ মে’ মাহত মণিপুৰৰ গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত ঘটে।

Also Read: চামপৰা নৈৰ গ্ৰাসত বাংকেলেং দক্ষিণ গাঁও লোকনিৰ্মাণ বিভাগৰ পথ

manipur