চামপৰা নৈৰ গ্ৰাসত বাংকেলেং দক্ষিণ গাঁও লোকনিৰ্মাণ বিভাগৰ পথ

চামপৰা নৈৰ গ্ৰাসত বাংকেলেং দক্ষিণ গাঁও লোকনিৰ্মাণ বিভাগৰ পথ

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা মহকুমাৰ সোৱণশিৰী ৰাজহ চক্ৰত চামপৰা নৈৰ বান খহনীয়া বিভীষিকাই বিপৰ্যস্ত কৰি তুলিছে জনজীৱন। জীয়াধল আৰু কুমতিয়া নৈৰে সংম্পৃক্ত এই চামপৰা নৈখনে বিগত এটা যুগ ধৰি দক্ষিণ ঘিলামৰা অঞ্চলত অবৰ্ণনীয় সন্ত্ৰাস চলাই আহিছে।

শেহতীয়া ভাবে এই নৈখনে চামপৰা লেফ্ট বেংকৰ পৰা দক্ষিণ গাঁও, বাংকেলেং ,শিয়ালমাৰী, কেচেৰুগুৰি, গা ডাঙৰ চুক,বাসুদেৱ থান সংযোগী এটা ব্যয়বহুল লোকনিৰ্মাণ বিভাগৰ পথত গৰা খহনীয়াৰে  তাণ্ডৱ চলাই পথ যোগাযোগ বিছিন্ন কৰাৰ উপক্ৰম কৰিছে। বৃহত্তৰ এই দক্ষিণ গাঁও অঞ্চলটোৰ প্ৰায় ১০ খন গাঁওৰ ঘিলামৰা সদৰ সংযোগী একমাত্ৰ চমু এই পথটো প্ৰধান মন্ত্ৰী গ্ৰাম চঢ়ক যোজনাৰ অধীনত পকীকৈ নিৰ্মাণ কৰা হৈছিল ঘিলামৰা লোকনিৰ্মান পথ সংমণ্ডলৰ জৰিয়তে।

কিন্তু পথ নিৰ্মাণৰ সমান্তৰাল ভাৱে নদীখনৰ খহনীয়া প্ৰতিৰোধী কোনো আঁচনি ৰূপায়ন নকৰা অদূৰদৰ্শী পদক্ষেপৰ বাবে নদীখনে প্ৰতি নিয়ত খহনীয়া চলাই চলিত বছৰত পথটোৰ প্ৰায় ২০০ মিটাৰ অংশ নৈয়ে গৰ্ভস্থ কৰিবলৈ সক্ষম হয়। 

যোৱা বছৰৰ পৰা এই খহনীয়াই কালৰূপ ধাৰণ কৰি বিস্তীৰ্ণ পথৰ অংশ উটুৱাই নিয়াৰ পৰৱৰ্তী সময়ত বাঁহৰ স্পাৰ মাৰি পথটোৰ অৱশিষ্ট অংশ সুৰক্ষাত লোকনিৰ্মাণ বিভাগ নামি পৰিছে যদিও কোনো যিকোনো মুহূৰ্তত পথটো ছিন্ন ভিন্ন হোৱাৰ আশংকা তীব্রতৰ হৈ পৰিছে। দৈনিক ১০খন গাঁওৰ গঞা, ছাত্ৰ ছাত্ৰী ,ৰোগাক্ৰান্তই যাতায়ত অব্যাহত ৰখা এই গুৰুত্বপূৰ্ণ পথটোৰ বৃহৎ এফাল উচন যোৱাৰ পাছত মৰণত শৰণ দি ৰাইজে যাতায়ত কৰি আহিছে যদিও খহনীয়া স্থায়ী প্ৰতিৰোধ কৰাৰ আঁচনি গ্ৰহনত কোনো পদক্ষেপ লোকনিৰ্মান বিভাগ আৰু জিলা প্ৰশাসনে হাতত লোৱা পৰিলক্ষিত হোৱা নাই।

ইতিমধ্যে দুবাৰকৈ লখিমপুৰ জিলা আয়ুক্ত শোণিত সত্বৱান ,লোকনিৰ্মান বিভাগৰ কাৰ্যবাহী অভিযন্তা কনক চন্দ্ৰ বড়োৱে এই বিপদজনক খহনীয়া গ্ৰস্ত এলেকা পৰিদৰ্শন কৰি গল। স্থায়ী প্ৰতিৰোধ আঁচনি গ্ৰহণৰ আশ্বাস দি গ'ল ৰাইজক । কিন্তু বাস্তৱত সকলো ফুটুকাৰ ফেনলৈ পৰ্যবসিত হ'ল। 

জিলা আয়ুক্তৰ নিজা তৎপৰতাত ছেক্সন ৫০ৰ আধাৰত এই খহনীয়াত উচন যোৱাৰ উপক্ৰম ঘটা ইতিমধ্যে তিনিভাগৰ এক অংশ হে বাচি থকা পথটোৰ খহনীয়া প্ৰতিৰোধ আঁচনিৰ কাম জৰুৰী ভাবে কৰাটো ৰাইজে বিচাৰিছিল । কিন্তু তাৰ প্ৰতি ভ্ৰূক্ষেপ নাই জিলা আয়ুক্তৰ । কেইটামান বাঁহৰ স্পাৰ মাৰি  চামপৰাৰ নৈৰ ভয়াবহ আগ্ৰাসন ৰোধৰ নাটক কৰি অহা বিভাগ আৰু জিলা  প্ৰশাসনে পথৰ দাঁতিত বিপদ সংকুল  পথৰ জাননী ওলমাই দায়িত্ব সামৰা কাণ্ডই এনেবোৰ দায়িত্বশীল পক্ষৰ দায়িত্বহীনতা জনদৃষ্টিত প্ৰকট কৰিছে।

ভুক্তভোগী ৰাইজৰ দাবী প্ৰায় ১০ কোটি টকাৰে নিৰ্মিত পথটো নৈৰ গৰ্ভত লীন যোৱাৰ পূৰ্বে খহনীয়া প্ৰতিৰোধ আঁচনি ৰূপায়ন কৰক বিজ্ঞানসন্মত ভাৱে । সমান্তৰাল ভাৱে পথটোত সৃষ্টি হোৱা দ গাঁত বোৰ পোতাৰ ব্যৱস্থা কৰক ।অন্যথাই ভয়ানক দুৰ্ঘটনা সংঘটিত হোৱাৰ উপৰিও  সমগ্ৰ ব্যয়বহুল আঁচনিখন বগাহাতীলৈ পৰ্যবসিত হ'বলৈ বেছি সময় নালাগিব । তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল বৃহত্তৰ অঞ্চলবাসীৰ মেৰুদণ্ড স্বৰূপ এই পথৰ এনে বিপদ সংকুল অৱস্থাৰ পাছতো নাকত তেল দি সুখনিদ্ৰাত মগ্ন হৈছে "আধুনিক ঢকুৱাখনাৰ নির্মাতা" বিধায়ক নৱ  কুমাৰ দলে ।

চামপৰা নৈৰ গ্ৰাসত বাংকেলেং দক্ষিণ গাঁও লোকনিৰ্মাণ বিভাগৰ পথ
জি-২০ বৈঠকৰ বাবে সাজু দিল্লীঃ ১ লাখ ৩০ হাজাৰ সেনা নিয়োগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in