মণিপুৰৰ ইণ্টাৰনেট সেৱা পুনৰুদ্ধাৰৰ জৰুৰী শুনানি গ্ৰহণত অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ...

মণিপুৰৰ ইণ্টাৰনেট সেৱা পুনৰুদ্ধাৰৰ জৰুৰী শুনানি গ্ৰহণত অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ...

author-image
Asomiya Pratidin
New Update
মণিপুৰত হিংসাঃ ৩০ জুনলৈ বৃদ্ধি ইন্টাৰনেট সেৱাৰ নিষেধাজ্ঞা

মণিপুৰৰ ইণ্টাৰনেট সেৱা পুনৰুদ্ধাৰৰ জৰুৰী শুনানি গ্ৰহণত অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ...

ডিজিটেল ডেস্কঃ পুনৰ ১০ জুনলৈ ইণ্টাৰনেট সেৱা কৰ্তনৰ সীমা বৃদ্ধি কৰা হৈছে মণিপুৰত। তাৰ মাজতে ইণ্টাৰনেট সেৱা পুনৰুদ্ধাৰৰ বাবে উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল।

Advertisment

অৱশ্যে অগ্নি গৰ্ভা মণিপুৰৰ ইণ্টাৰেনট সেৱা পুনৰুদ্ধাৰৰ বাবে জৰুৰী শুনানি গ্ৰহণত অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ। উল্লেখ্য যে, গোষ্ঠীগত সংঘৰ্ষই জুৰুলা কৰা মণিপুৰত বন্ধ হৈ আছে ইণ্টাৰনেট সেৱা।

সেয়ে এই সেৱা পুনৰুদ্ধাৰৰ বাবে দুগৰাকী ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰিছিল। বিষয়টো সন্দৰ্ভত জৰুৰী শুনানি গ্ৰহণ কৰিবলৈও আৱেদন কৰিছিল।

কিন্তু উচ্চতম ন্যায়ালয়ে জৰুৰী শুনানি গ্ৰহণ নকৰি বিষয়টো সন্দৰ্ভত কয়, উচ্চ ন্যায়ালয়ে বিষয়টোৰ শুনানি গ্ৰহণ কৰি আছে। সেয়ে এই প্ৰক্ৰিয়াৰ পুনৰাবৃত্তিৰ কি প্ৰয়োজন আছে।

উল্লেখ্য যে, মণিপুৰ উচ্চ ন্যায়ালয়ৰ অধিবক্তা চোংথাম ভিক্টৰ সিং আৰু ব্যৱসায়ী মায়েংবাম জেমছে উচ্চতম ন্যায়ালয়ত এই আৱেদন দাখিল কৰিছিল। আৱেদনখনত ইণ্টাৰনেট বন্ধৰ বাবে অৰ্থনৈতিক, সামাজিক, মানসিক দিশৰ নেটিবাচক প্ৰভাৱৰ বিষয়ে উল্লেখ কৰা হৈছিল।

বিশেষকৈ বেংকৰ লেনদেন, দৰমহা বিতৰণ, ইমেইল, হোৱাটছএপ আদিৰ ক্ষেত্ৰত ইণ্টাৰনেট বন্ধৰ বাবে যথেষ্ট ক্ষতি হোৱাৰ কথা উল্লেখ কৰা হৈছিল। উল্লেখ্য যে, ৰাজ্যখনত ইণ্টাৰনেট সেৱা পুনৰ ১০ জুনলৈ কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণৰ লগে লগে ব্ৰডবেণ্ড, মোবাইল ইণ্টাৰনেট সেৱা পুনৰুদ্ধাৰৰ বাট বন্ধ হৈছে। যোৱা ৩ মে’ৰ পৰাই ৰাজ্যখনত বন্ধ হৈ আছে ইণ্টাৰনেট সেৱা।

Also Read: পুনৰ পথৰ কাষৰ গাঁতৰ বাবেই প্ৰাণ হেৰুৱালে এজন যুৱকে...

মণিপুৰ