পুনৰ পথৰ কাষৰ গাঁতৰ বাবেই প্ৰাণ হেৰুৱালে এজন যুৱকে...

পুনৰ পথৰ কাষৰ গাঁতৰ বাবেই প্ৰাণ হেৰুৱালে এজন যুৱকে...

author-image
Asomiya Pratidin
New Update
পুনৰ পথৰ কাষৰ গাঁতৰ বাবেই প্ৰাণ হেৰুৱালে এজন যুৱকে...

পুনৰ পথৰ কাষৰ গাঁতৰ বাবেই প্ৰাণ হেৰুৱালে এজন যুৱকে...

 ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ত সংঘটিত হৈছে এক কৰুণ ঘটনা। পানীৰ পাইপৰ বাবে জধে-মধে পথৰ কাষত খান্দি থোৱা এটা গাঁতৰ বাবেই এজন যুৱকে হেৰুৱালে প্ৰাণ।

Advertisment

নিশা অসুস্থ জ্যেষ্ঠ ভগ্নীৰ খবৰ ল'বলৈ যোৱাৰ পথতে সংঘটিত হয় এই ঘটনা। এই ঘটনাত মৃত্যু হোৱা যুৱকজনৰ নাম আব্দুল ৰহিম। নিহত আব্দুল পেচাত এগৰাকী টাইলছ মিস্ত্ৰী।

ঘটনাৰ বিৱৰণ অনুসৰি আব্দুল ৰহিমে নিশা অসুস্থ বায়েকৰ খবৰ ল’বলৈ লাহোৰাপট্টীৰ পৰা স্কুটী লৈ জিলাখনৰ নালিয়াপুললৈ গৈছিল। তাৰ মাজতে চহৰৰ গ্ৰাহাম বজাৰ আঞ্চলত ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত জল পৰিবাহী পাইপৰ বাবে খন্দা এটা গাঁতত স্কুটিখন সোমাই যোৱাত তেওঁ চিটিকি বহুদূৰত পৰেগৈ।

প্ৰথম অৱস্থাত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক হাস্পতালত ভৰ্তি কৰোৱাবলৈ লৈ যোৱা হয় যদিও হাস্পতালত তেওঁৰ ইতিমধ্যে মৃত্যু হোৱা বুলি প্ৰকাশ কৰে। অভিযোগ অনুসৰি ঠিকাদাৰী প্ৰতিষ্ঠানে ভালদৰে পানীৰ পাইপৰ বাবে খন্দা পুতি নেপেলোৱাৰ বাবেই দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে।

উল্লেখ্য যে, পথৰ কাষত খান্দি থোৱা গাঁতৰ বাবেই বৃহস্পতিবাৰে গণেশগুৰিত প্ৰিয়া কুমাৰী নামৰ এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰীয়ে প্ৰাণ ত্যাগ কৰিবলগীয়া হৈছিল।

Also Read: ডিব্ৰুগড়ত উপস্থিত ৰাজ্যপালঃ নিৰ্মীয়মান ক্ৰীড়া বিশ্ববিদ্যালয় পৰিদৰ্শন...

পথ দুৰ্ঘটনা