মায়ঙৰ মুৰবৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ

মায়ঙৰ মুৰবৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, মায়ং: মৰিগাঁও জিলাৰ মায়ঙৰ মুৰবৰীত দেওবাৰে দিনৰ ভাগত এটা উৱলি যোৱা মৃতদেহ উদ্ধাৰ হয়।মৃতদেহটো বৰ্তমান লৈ চিনাক্ত কৰিব পৰা হোৱা নাই।

মায়ং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজিব দাসৰ পৰা জানিব পৰা মতে মুৰবৰী গাঁৱৰ পিছফালে বানত প্লাবিত এখন  পথাৰত স্থানীয় লোকে প্ৰথমে প্ৰত্যক্ষ কৰে মৃতদেহটো।তাৰ পিছত খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

সম্পূৰ্ণ উলংগ অৱস্থাত থকা মৃতদেহটোৰ মুৰৰ চুলি কেইডালৰ ওপৰত ভিত্তি কৰি পুৰুষৰ মৃতদেহ বুলি নিশ্চিত হয়।মৃত গৰাকীৰ বয়স ৪০ বছৰৰ ওপৰৰ হ'ব বুলি অনুমান কৰিছে একাংশই।

প্ৰায় ১০-১৫ দিন পূৰ্বে লোকজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। লোকজনক কোনোবাই হত্যা কৰি পেলাই থৈ গ'ল নে পানীত উটি আহিল তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে। মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব প্ৰকৃত তথ্য। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ আৰক্ষীৰ।

মায়ঙৰ মুৰবৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ
গৌৰৱ! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ইজিপ্তৰ সৰ্বোচ্চ সন্মান 'অৰ্ডাৰ অফ দ্য নাইল'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in