কিৰণবালা গোস্বামী বালিকা বিদ্যাপীঠৰ প্ৰাক্তন ছাত্ৰী সন্মিলনৰ স্মৃতিগ্ৰন্থ উন্মোচন

শিশুসকলৰ বাবে গ্ৰন্থৰ সমান বন্ধু নাইঃ মৃনালিনী দেৱী
কিৰণবালা গোস্বামী বালিকা বিদ্যাপীঠৰ প্ৰাক্তন ছাত্ৰী সন্মিলনৰ স্মৃতিগ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ,নগাঁও : 'বিশ্বৰ সৰু বৰ সফলতা অৰ্জন কৰা তথা মহৎ লোকৰ জীৱনী অধ্যয়ন কৰিলে লক্ষ্য কৰা যায় যে তেওঁলোক আটাইৰে জীৱনত ভালে সংখ্যক মূল্যৱান গ্ৰন্থই প্ৰভাৱিত কৰিছে। অভিভাৱকসকলে শৈশৱ কালৰ পৰাই মূল্যৱান গ্ৰন্থৰ সৈতে সম্পৰ্ক স্থাপন কৰি বন্ধুত্ব পাতিবলৈ শিকাব লাগে।' এই মন্তব্য অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি, অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ সভাপতি মৃণালিনী দেৱীৰ।

নগাঁও জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান কিৰণবালা গোস্বামী বালিকা বিদ্যাপীঠৰ হীৰক জয়ন্তী গৰকিবলৈ ওলোৱাৰ প্ৰাকক্ষণত প্ৰাক্তন ছাত্ৰী সন্মিলন উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ 'প্ৰভাতী' উন্মোচন কৰে মৃণালিনী দেৱীয়ে। তেওঁ কয় যে-' যিখিনি গ্ৰন্থ অধ্যয়ন কৰিলে শিশু সকলে উচ্চ পৰ্যায়ৰ মানৱীয় গুণ সমুহ আয়ত্ব কৰাৰ লগতে প্ৰেৰণা বা উৎসাহিত হ'ব, তেনে প্ৰকাৰৰ গ্ৰন্থসমূহ প্ৰতি গৰাকী অভিভাৱকে সংগ্ৰহ কৰি দিবলৈ প্ৰয়াস কৰিব লাগে। কিয়নো এই পৃথিৱীত শিশুসকলৰ বাবে গ্ৰন্থৰ সমান বন্ধু নাই। সেয়ে গ্ৰন্থ অদ্বিতীয়। গ্ৰন্থই কোনোদিন প্ৰতাৰণা বা বিশ্বাসঘাটকতা নকৰে।'

গ্ৰন্থৰ মহত্ব সম্পৰ্কে বাখ্যা কৰি তেওঁ কয় - 'গ্ৰন্থৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰিলে এজন ব্যক্তিক দেশৰ বা বিশ্বৰ জনপ্ৰিয় কবি, সাহিত্যিক,পণ্ডিত, শিক্ষাবিদ, দাৰ্শনিক, বৈজ্ঞানিক আদি ৰূপে পৰিচয় দাঙি ধৰাত সহায় কৰে। গ্ৰন্থই যে কেৱল ক্ষন্তেকীয়া সময়ৰ বাবে বন্ধুত্ব স্থাপন কৰে এনে নহয়,গ্ৰন্থই আজীৱন বন্ধুত্ব পাতে।

গ্ৰন্থৰ লগত বন্ধুত্ব স্থাপন কৰা মানুহে কোনোদিন এনে বিপদৰ সন্মুখীন হোৱা পৰিলক্ষিত নহয় বা এই ধৰাত নজিৰ নাই। গ্ৰন্থই সমাজ , ৰাজ্য, দেশ আৰু বিশ্বৰ দাৰ্শনিক, অৰ্থনীতিবিদ, সাহিত্যিক, শিক্ষাবিদ, সু-সুচিকিৎসক, শিক্ষক, নেতা আদি ৰূপে গঢ়ি উঠিবলৈ লাগতীয়াল গুৰুত্বপূৰ্ণ গুণসমূহ অৰ্জনত নেপথ্যত থাকি সহায় কৰে।'

কিৰণবালা গোস্বামী বালিকা বিদ্যাপীঠৰ প্ৰধান শিক্ষয়িত্ৰী অঞ্জলি বৰাৰ সভাপতিত্বত অনুষ্ঠিত প্ৰাক্তন ছাত্ৰী সন্মিলনত নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰাণ কুমাৰ বৰুৱাই সভাখন উদ্বোধন কৰে। তেওঁ মহিলাসকলৰ ভূমিকা সম্পৰ্কে বক্তৃতা প্ৰদান কৰে।

প্ৰাক্তন ছাত্ৰী সন্মিলনত অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ অধ্যাপিকা স্বপ্নলী বৰাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। সভাত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ কাৰ্যনিৰ্বাহক সদস্য ৰমেন ভৰালীও উপস্থিত থাকে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মৃদূস্মিতা গোস্বামীয়ে।

কিৰণবালা গোস্বামী বালিকা বিদ্যাপীঠৰ প্ৰাক্তন ছাত্ৰী সন্মিলনৰ স্মৃতিগ্ৰন্থ উন্মোচন
ধেমাজি প্ৰেছ ক্লাৱত সম্বধৰ্না আৰু অন্তৰংগ আলাপ অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in