মণিপুৰৰ হিংসাত্মক ঘটনাৰ আঁৰত কুকি- জোমি বিদ্ৰোহীৰ সংগঠন : নিয়াক তদন্তৰ নিৰ্দেশ

মণিপুৰৰ হিংসাত্মক ঘটনাৰ আঁৰত কুকি- জোমি বিদ্ৰোহীৰ সংগঠন : নিয়াক তদন্তৰ নিৰ্দেশ

author-image
Asomiya Pratidin
New Update
মণিপুৰৰ হিংসাত্মক ঘটনাৰ আঁৰত কুকি- জোমি বিদ্ৰোহীৰ সংগঠন : নিয়াক তদন্তৰ নিৰ্দেশ

ডিজিটেল সংবাদ,বেকাজান : কেন্দ্ৰীয় চৰকাৰৰ সৈতে যুদ্ধ বিৰতিৰ আওতাত থকা মণিপুৰৰ ৩টা কুকি বিদ্ৰোহী সংগঠন আৰু ১টা জোমি বিদ্ৰোহী গোটৰ বিৰুদ্ধে ৰাজ্যখনত অশান্তি বিয়পোৱাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাক তদন্তৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালয়ে। মণিপুৰৰ সশস্ত্ৰ বিদ্ৰোহী গোটসমূহে মণিপুৰ,বাংলাদেশ আৰু ম্যানমাৰৰ পৰা এখন স্বতন্ত্ৰ চিন-কুকি-জোমি ৰাজ্যক পৰিকল্পনা কৰা বুলি গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে তথ্য লাভ কৰাৰ পিছতে এই নিৰ্দেশ দিয়ে।

Advertisment

উল্লেখযোগ্য যে ইয়াৰে দুটা বিদ্ৰোহী গোট চৰকাৰৰ সৈতে যুদ্ধ বিৰতি(SoO) চুক্তিৰ অধীনত আছে। সূত্ৰই প্ৰকাশ কৰামতে, জুলাই মাহৰ পৰাই নিয়াই এই উগ্ৰপন্থী সংগঠন উগ্ৰপন্থী সংগঠনকেইটাক কুকি নেচনেল আৰ্মি (কে এন এ), জোমি ৰিভল্যুচনেৰী আৰ্মি (জেড আৰ এ), কুকি নেচনেল ফ্ৰণ্ট (নেহলুন ফ্যাকচন) আৰু ইউনাইটেড কুকি লিবাৰেচন আৰ্মি আৰু মণিপুৰৰ হিংসাৰ কাৰ্যকলাপ সম্পৰ্কে তদন্ত কৰি আহিছে।

কুকি নেচনেল আৰু জেড আৰ এ দুয়োটা সংগঠনকেন্দ্ৰীয় চৰকাৰৰ সৈতে SoO চুক্তিৰ অধীনত আছে। কেইবাবছৰ ধৰি এই বিদ্ৰোহী গোটৰ ৰাজনৈতিক শাখাৰ প্ৰতিনিধিৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা চলাই আহিছে ।

উল্লেখযোগ্য যে মণিপুৰৰ গোষ্ঠীগত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ এমাহৰো পূৰ্বে মাৰ্চ মাহত মণিপুৰ চৰকাৰে কুকি নেচনেল আৰ্মি আৰু জেড আৰ এৰ সৈতে হোৱা কাৰ্য্যকলাপ স্থগিত ৰখা (এছ অ’ অ’) চুক্তিৰ পৰা আঁতৰি আহিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু কেন্দ্রই সিদ্ধান্ত গ্ৰহণ নকৰিলে। এই বিদ্ৰোহী গোট দুইটাই ম্যানমাৰৰ জনপ্ৰতিৰক্ষা বাহিনী (পিডিএফ)ৰ পৰা সমৰ্থন লাভ কৰা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালয় আৰু এনআইএকো জনাইছে ।

‘ইম্ফল উপত্যকাত হিংসা সংঘটিত কৰিবলৈ মণিপুৰৰ একাংশ কুকি উগ্ৰপন্থী সংগঠনক ম্যানমাৰৰ চিন-কুকি-জো গোটৰ পৰা ধন আগবঢ়োৱাৰ কথা প্ৰকাশ পাইছে। তদুপৰি গৃহ মন্ত্ৰ্যালয়ৰএজন বিষয়াই কয় যে, এই গোটসমূহে স্থানীয় লোকসকলক প্ৰশিক্ষণ দি আহিছে ।

Also Read: ঢকুৱাখনাত HDFC বেংকৰ শাখা মুকলি

manipur nia manipur incident