ঢকুৱাখনাত HDFC বেংকৰ শাখা মুকলি

ঢকুৱাখনাত HDFC বেংকৰ শাখা মুকলি

ডিজিটেল সংবাদ,ঢকুৱাখনা : ঢকুৱাখনা মহকুমা সদৰৰ বেংকিং ক্ষেত্ৰখনত "এইচ ডি এফ চি" বেংকৰ শাখা মুকলিৰে নৱতম সংযোজন ঘটিল। মহকুমাটোৰ সদৰত ইতিপূৰ্বে স্থাপিন কৰা হৈছিল পাঞ্জাৱ নেচনেল বেংক,ভাৰতীয় ষ্টেট বেংক, এপেক্স বেংক,অসম গ্ৰামীণ বিকাশ বেংকৰ শাখা। এইকেইটা শাখাৰে ব্যৱসায়িক প্ৰসাৰতা বৃদ্ধিৰ লক্ষ্যৰে বুধবাৰে ঢকুৱাখনা সদৰত "হাউছিং ডেভলপমেণ্ট ফাইনান্স কৰ্পোৰেচন" (এইচ ডি এফ চি) নামৰ এই অগ্ৰণী বিত্তীয় প্ৰতিষ্ঠানৰ শাখা মুকলি কৰা হয়।

বুধবাৰে দুপৰীয়া  ১১ বজাত বেংকটোৰ শুভদ্বাৰ উন্মোচন কৰি উপভোক্তা ৰাইজৰ নামত উৎসৰ্গা কৰা হয় । ঢকুৱাখনা নগৰৰ  ঢকুৱাখনা-ঘিলামৰা  ৰাজ্যিক ঘাইপথৰ গীতাঞ্জলি হোটেলৰ সমীপত নিৰ্মিত এইচ ডি এফ চি বেংকটোৰ শাখা উদ্বোধন কৰে ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি তথা লখিমপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত কাৰ্ত্তিক কলিতাই।

অনুষ্ঠানত উপস্থিত থাকে বেংকটোৰ শাখা প্ৰৱন্ধক মহানন্দ বৰা,সহকাৰী শাখা প্ৰৱন্ধক নিখিল শইকীয়া,শাখা "টেলাৰ" প্ৰসন্ন হাজৰিকা আৰু শাখাটোৰ নৱনিযুক্ত সকলো কৰ্মচাৰী,নেতৃস্থানীয় নাগৰিক তথা ঢকুৱাখনা ব্যৱসায় সন্থাৰ সম্পাদক পূৰ্ণ চুতীয়া ,জ্যেষ্ঠ নাগৰিক কুশল গগৈ, ভবেন গগৈ,হেমচন্দ্ৰ হাজৰিকা, ধৰণী ধৰ হাজৰিকা, সত্য চমুৱা  আৰু গৰিষ্ঠ সংখ্যক গ্ৰাহক। এইসকল লোকৰ উপস্থিতিত মঙ্গল-উৰুলি ধ্বনিৰ মাজত বেংকটোৰ মুখ্যদ্বাৰৰ ফিটা কাটি  উদ্বোধন কৰি ৰাইজৰ নামত উৎসৰ্গা কৰে মহকুমাধিপতি কলিতাই। 

বেংকটোৰ শাখা প্ৰৱন্ধক বৰাই মহকুমাটোৰ গ্ৰাহক সকলক বেংকিং সেৱাত উপলব্ধ  সকলো সা সুবিধা অতি নিষ্ঠা সহকাৰে সহজলভ্য আৰু সন্তোষজনকভাৱে আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দি এই শাখাটো গ্ৰাহকৰ সেৱাত উৎসৰ্গিত কৰা বুলি জানিবলৈ দিয়ে। তাৰোপৰি বেংকটোৰ জৰিয়তে প্ৰাথমিক পৰ্য্যায়ত এটা "এ টি এম" স্থাপন কৰি এইটো "এ টি এম"ৰ জৰিয়তে সকলো গ্ৰাহকে দিনটোৰ ২৪ ঘণ্টাই নিৰবিছিন্ন সেৱা লাভ কৰিব বুলি প্ৰত্যয়েৰে জানিবলৈ দি শাখাটোৰ জৰিয়তে গ্ৰাহক সকলক প্ৰয়োজনীয় ব্যক্তিগত আৰু ব্যৱসায়িক উৎকৃষ্ট সেৱা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

ঢকুৱাখনাত HDFC বেংকৰ শাখা মুকলি
ধুবুৰীত বুজন পৰিমাণৰ চেনি জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in