মণিপুৰৰ ৰাজধানী ইম্ফলত পুনৰ হিংসাত্মক পৰিস্থিতি...

মণিপুৰৰ ৰাজধানী ইম্ফলত পুনৰ হিংসাত্মক পৰিস্থিতি...

ডিজিটেল সংবাদ, বেকাজানঃ উত্তৰ-পূৰ্বাঞ্চলৰ মণিপুৰ ৰাজ্যত পুনৰ হিংসাত্মক পৰিস্থিতি। সোমবাৰে ইম্ফল ইষ্টৰ বহু ঘৰ জ্বলাই দিয়ে একাংশলোকে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ মোতায়ন কৰা হয় সেনা তথা অৰ্ধসামৰিক বাহিনী। তদুপৰি প্ৰশাসনে পুনৰবাৰ জাৰি কৰে সান্ধ্য আইন। সমান্তৰালভাবে নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰি তোলাৰ পৰিলক্ষিত হয়।

চহৰখনত কেইবাদিনৰ শান্তি পৰিৱেশৰ মাজতে পুনৰ সংঘৰ্ষৰ সৃষ্টি হয় দুটা সম্প্ৰদায়ৰ মাজত। খবৰ অনুসৰি সোমবাৰে বিয়লি ইম্ফলৰ নিউ চাকন অঞ্চলত মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত সংঘটিত হয় সংঘৰ্ষৰ। এখন স্থানীয় বজাৰৰ এটা অঞ্চলক লৈ দুয়োটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ আৰম্ভ হয় আৰু অতি কম সময়ৰ ভিতৰতে ভয়ংকৰ ৰূপ ধাৰণ কৰে।

দুজন অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে মানুহক দোকান বন্ধ কৰিবলৈ বাধ্য কৰোৱাত ৰাইজে দুটা ঘৰত অগ্নি সংযোগ কৰে। অৱশ্যে এই অগ্নিসংযোগৰ ঘটনাত কোনো লোক হতাহতিৰ খবৰ পোৱা নাই। আনহাতে এজন দুষ্কৃতিকাৰীক মাৰপিট কৰাৰ বিপৰীতে আন এজন পলায়ন কৰিবলৈ সক্ষম হয়। অৱশ্যে আৰক্ষীয়ে দুয়োকে ইতিমধ্যেই জিম্মাত লৈছে।

অঞ্চলটোত নিয়োজিত সেনা জোৱানে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ ৰাইজক ছত্ৰভংগ দিয়াৰ লগতে কন্দুৱা গেছৰ নিক্ষেপ কৰে। য'ত কেইবাজনো লোক সামান্যভাৱে আঘাতপ্ৰাপ্ত হয়। আনহাতে একাংশ স্থানীয় ৰাইজে পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পূৰ্বে ইম্ফল পূৱ জিলাত সান্ধ্য আইন শিথিল কৰা হৈছিল যদিও ঘটনাৰ পিছতে কাৰ্ফিউ কটকটীয়া কৰা হয়। পূৰ্বে পুৱা ৬ বজাৰ পৰা বিয়লি ৪ বজালৈ সান্ধ্য আইন শিথিল কৰা হৈছিল যদিও এতিয়া বিয়লি ২ বজালৈ সলনি কৰা হৈছে।

মণিপুৰৰ ৰাজধানী ইম্ফলত পুনৰ হিংসাত্মক পৰিস্থিতি...
এইবাৰ সুখী নহয় নামৰূপবাসী; চহৰখনৰ উত্তীৰ্ণ হাৰ ৬৩.৪৫ শতাংশ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in