
ডিজিটেল সংবাদ, নামৰূপ : সদ্য ঘোষিত ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নামৰূপৰ বসুন্ধৰা জাতীয় বিদ্যালয়ে এশ শতাংশ সফলতা লাভ কৰি নামৰূপ লৈ গৌৰৱ কঢ়িয়াই আনিছে। আনহাতে নামৰূপ কেন্দ্ৰৰ উৰ্ত্তীণৰ হাৰ ৬৩.৪৫ শতাংশ ।
উল্লেখ্য যে, নামৰূপৰ বি ভি এফ চি এল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা বি-২৩-০২৫৪ নম্বৰ কেন্দ্ৰৰ অধীনত থকা মুঠ ১১ খন বিদ্যালয়ৰ পৰা ৪৯৮ গৰাকী পৰীক্ষাৰ্থী এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীণ হৈছিল। ইয়াৰে সফলতা লাভ কৰিছে ৩১৬ গৰাকীয়ে পৰীক্ষাৰ্থীয়ে। য'ত প্ৰথম স্থানত ১১৬ গৰাকী, দ্বিতীয় স্থানত ১৩৭ গৰাকী আৰু তৃতীয় স্থানত আছে ৬৩ গৰাকী উৰ্ত্তীণ পৰীক্ষাৰ্থী।
পিছে নামৰূপৰ এই ফলাফলে নিৰাশ কৰিছে সচেতন মহলক। প্রায় এক, ডেৰ দশক জুৰি অসমৰ স্থান প্ৰাপ্ত বিদ্যালয়সমূহৰ ভিতৰত নিজকে প্ৰতিষ্ঠা কৰা বি ভি এফ চি মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফল এইবাৰ সন্তোষজনক নহয়। উক্ত বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হোৱা ১৪৪ গৰাকী পৰীক্ষাৰ্থীয়ে ষ্টাৰ নম্বৰ আৰু ডিষ্টিংচনসহ প্ৰথম স্থান পাইছে৭৮ গৰাকীয়ে, দ্বিতীয় স্থান পাইছে ৫২ গৰাকীয়ে। আনহাতে ১১ গৰাকীয়ে কোম্পাৰ্টমেণ্টেল আৰু ৩ গৰাকী অনুত্তীৰ্ণ হয়।
আকৌ নামৰূপৰ বসুন্ধৰা জাতীয় বিদ্যালয়ৰ পৰা মুঠ অৱতীৰ্ণ হয় ১৩ গৰাকী। য'ত প্ৰথম স্থান ৯ গৰাকীয়ে আৰু ৪ গৰাকীয়ে দ্বিতীয় স্থান লাভেৰে এশ শতাংশ সফলতা অৰ্জন কৰি নামৰূপলৈ গৌৰৱ কঢ়িয়াই আনে। বি ভি এফ চি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৯৪ গৰাকী অৱতীৰ্ণ হৈ ৫৫ গৰাকী সফল হোৱাৰ বিপৰীতে ৩৯ গৰাকী অনুত্তীৰ্ণ হয়। নামৰূপ হাইস্কুলৰ পৰা ৫১ গৰাকী অৱতীৰ্ণ হৈ ২৬ গৰাকী উত্তীৰ্ণ হয় আৰু ২৫ গৰাকী অনুত্তীৰ্ণ হয়।
আনহাতে পাব্লিক হাইস্কুলৰ পৰা ৩১ গৰাকী অৱতীৰ্ণ হৈ ২০ গৰাকী উত্তীৰ্ণ আৰু ১১ গৰাকী অনুত্তীৰ্ণ হয়। বিহাইভ অসম পাব্লিক হাইস্কুলৰ পৰা ১৪ জন অৱতীৰ্ণ হোৱাৰ বিপৰীতে ৮ জন উত্তীৰ্ণ আৰু ৬ গৰাকী অনুত্তীৰ্ণ হয়। হাপজান চাৰিআলি হাইস্কুলৰ অৱতীৰ্ণ সংখ্যা ২৮ গৰাকী। য'ত উত্তীৰ্ণ হয় ১৮ গৰাকী আৰু অনুত্তীৰ্ণ হয় ১০ গৰাকী। আনহাতে নামৰূপ থাৰমেল হাইস্কুলৰ পৰা ২৭ গৰাকী অৱতীৰ্ণ হৈ কেৱল ১০ গৰাকীহে উত্তীৰ্ণ হবলৈ সক্ষম হয়।