
মডিজিটেল ডেস্কঃ অগ্নিগৰ্ভ মণিপুৰ(Manipur) ত বিদ্ৰোহীৰ বিৰুদ্ধে চলিছে তীব্ৰ অভিযান। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে (N Biren Singh) আজি এই সন্দৰ্ভত এক সংবাদ মেলৰ জৰিয়তে প্ৰকাশ কৰিছে।
মণিপুৰ আৰক্ষী আৰু কামাণ্ডো বাহিনীয়ে চলোৱা এই অভিযানত অতি কমেও ৪০ জন সন্ত্ৰাসবাদী নিহত হৈছে। মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই সন্দৰ্ভত কয়, বিদ্ৰোহীয়ে সাধাৰণ লোকক লক্ষ্য কৰি লৈছে। বিদ্ৰোহীয়ে এম-১৫ আৰু একে-৪৭ৰ দৰে মাৰাণাস্ত্ৰ সাধাৰণৰ নাগৰিকৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছে।
সেনা বাহিনী আৰু আন সুৰক্ষাবাহিনীৰ সহযোগত এই বিদ্ৰোহীৰ বিৰুদ্ধে চলিছে তীব্ৰ অভিযান। ইফালে ইম্ফল উপত্যকাত বিদ্ৰোহী গোটে কেইবাস্থানত আক্ৰমণ কৰিছে। এতিয়াও এই অঞ্চলবোৰত চলি আছে অভিযান।
ইফালে অতি শীঘ্ৰেই গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah) মণিপুৰ ভ্ৰমণ কৰাৰ কথা। এই মুহূৰ্তত অগ্নিগৰ্ভা হৈ থকা মণিপুৰত 'শান্তি অভিযান'ত নামিছে কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায়। মেইটেইসকলক এছ টি মৰ্যাদা প্ৰদান কৰাক লৈ উত্তপ্ত হৈ পৰা মণিপুৰৰ হিংসাত্মক ঘটনাক সাৰপানী যোগাইছে বিদ্ৰোহী গোটেসমূহে।
সেয়ে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সেনা বাহিনী আৰু অসম ৰাইফলছে অভিযান আৰম্ভ কৰিছে। সংঘাতৰ কেন্দ্ৰবিন্দু তথা ইম্ফল উপত্যকাক ঘেৰাও কৰি ৰাখি পাহাৰবোৰত অভিযান চলাইছে এই সুৰক্ষা বাহিনীসমূহে।
গভীৰ হাবিত আত্মগোপন কৰি থাকা কুকি আৰু নাগা বিদ্ৰোহী গোট সংগঠনসমূহৰ বিৰুদ্ধে চলিছে এই অভিযান। পূৰ্বৰে পৰা মণিপুৰক উত্তপ্ত কৰি তোলাৰ ক্ষেত্ৰত কুকি উগ্ৰপন্থী সংগঠন কুকি নেশ্যনেল অৰ্গেনাইজেশ্যনে সাৰ-পানী যোগান ধৰাৰ অভিযোগ উত্থাপিত হৈছিল।
সেয়েহে ইম্মফল উপত্যকাত এতিয়া এই কুকি সংগঠনটোৰ বিৰুদ্ধে চলিছে অভিযান। শনিবাৰৰ পৰা সেনাপতি জিলাৰ মতবুং, সদৰ হিলছ অট’নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ চাৰ্কুল, পুখাও আৰু সাংগলমাং এলাকাত অভিযান আৰম্ভ কৰিছে নিৰাপত্ত বাহিনীয়ে।
স্মৰ্তব্য যে, মণিপুৰত ট্ৰাইবেল বা আদিম জনগোষ্ঠীসকলৰ মাজৰ সংঘাত নতুন কথা নহয়। বহু বছৰ ধৰি ইয়াত সংঘৰ্ষ অব্যাহত আছে। তাৰ মাজতে এইবাৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। যোৱা ৩ মে'ৰ পৰা আৰম্ভ হোৱা এই অগ্নিগৰ্ভা পৰিস্থিতিত ৭০ জন সাধাৰণ লোকৰ মৃত্যু হৈছে। ভস্মিভূত হৈছে বহু ঘৰ দুৱাৰ।