New Parliament Building: ৰাহুল গান্ধীয়ে ক'লে এয়া মোডীৰ ৰাজ অভিষেক...

New Parliament Building: ৰাহুল গান্ধীয়ে ক'লে এয়া মোডীৰ ৰাজ অভিষেক...
New Parliament Building: ৰাহুল গান্ধীয়ে ক'লে এয়া মোডীৰ ৰাজ অভিষেক...

ডিজিটেল ডেস্কঃ ২১ টাকৈ বিৰোধী ৰাজনৈতিক দলৰ বিৰোধিতা স্বত্বেও আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)য়ে শুভ উদ্বোধন কৰিলে দেশৰ নৱ নিৰ্মিত সংসদ ভৱন (New Parliament Building) । কাকতলিয় ভাৱে আজিয়েই আকৌ বিজেপি, আৰ এছ এছে বীৰ আখ্যা দিয়া সাভাৰকাৰৰ জন্মদিন।

পুৰোহিতৰ পূজা, যজ্ঞ, মন্ত্ৰোচাৰণ আদিৰ জৰিয়তে হিন্দু ধৰ্মীয় ৰীতি নিতিৰে শুভ উদ্বোধন কৰা হ'ল এই নৱ নিৰ্মিত সংসদ ভৱন। তাৰ মাজতে অনুষ্ঠিত হ'ল সৰ্বধৰ্ম প্ৰাৰ্থনা সভাও।

এই সভাতো অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে। বিতৰ্কৰ মাজতে তেওঁ স্থাপন কৰিলে ছেংগুলো। এই গোটেই কাৰ্যসূচী পৰ্যবেক্ষণ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi)য়ে প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ কৰি ক'লে, এয়া মোডীৰ ৰাজ অভিষেক।

ৰাহুল গান্ধীয়ে আজি টুইট কৰি কয়, সংসদ সমগ্ৰ দেশৰ মানুহৰ কণ্ঠস্বৰ। তেওঁ কয়, প্ৰধানমন্ত্ৰীয়ে সংসদ ভৱনৰ উদ্বোধনক ৰাজ অভিষেক বুলি ভাবিছে। ইয়াৰোপৰি তেওঁ দিল্লীৰ যন্তৰমন্তৰত প্ৰতিবাদ কৰি থকা মল্লযুঁজাৰুসকলক আৰক্ষীয়ে আটক কৰাৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে। তাত তেওঁ লিখিছে, ৰাজ অভিষেক সম্পূৰ্ণ হ'ল। অহংকাৰী ৰজাই পথত জনতাৰ কণ্ঠ চূৰ্ণ-বিচূৰ্ণ কৰিছে।

ৰাহুল গান্ধীৰ উপৰিও এন চি পি নেতা শাৰদ পাৱাৰেও (Sharad Power) মোডীক কটাক্ষ কৰিছে। তেওঁ কয়, সকলো অনুষ্ঠান চালো। মই সুখী যে, ইয়াত উপস্থিত নাছিলো। তাত যি ঘটিছে সেয়া দেখি চিন্তিত।

ইয়াৰোপৰি বৰ্ষিয়ান ৰাজনৈতিক নেতাজনে প্ৰশ্ন কৰি কয়, সংসদ ভৱন কি একমাত্ৰ এজন মানুহৰ অনুষ্ঠান? ইফালে এই অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু উপস্থিত নথকাৰ বিষয়টো সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ সুদীপ বন্দোপ্যাধ্যায়ে কয়, ৰাষ্ট্ৰপতিক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ নজনাই মোডীয়ে ৰাষ্ট্ৰপতিৰ পদমৰ্যাদাক চেলেঞ্জ কৰিছে।

New Parliament Building: ৰাহুল গান্ধীয়ে ক'লে এয়া মোডীৰ ৰাজ অভিষেক...
Keshab Mahanta: কলিয়াবৰত স্থাপন হ'ব আইন, চিকিৎসাৰ কেইবাখনো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in