পুনৰ উত্তপ্ত অগ্নিগৰ্ভা মণিপুৰ

পুনৰ উত্তপ্ত অগ্নিগৰ্ভা মণিপুৰ

ডিজিটেল ডেস্কঃ পুনৰ গুলীয়াগুলীৰ ঘটনা। শুকুৰবাৰে পুৱতি নিশাৰ পৰা মণিপুৰৰ টেংনুপাল জিলাৰ পাল্লেল অঞ্চলত এই গুলীচালনা হয়। নিৰাপত্তাৰক্ষী আৰু সশস্ত্ৰ লোকৰ মাজত হোৱা গুলীচালনাত এতিয়ালৈকে হতাহতিৰ খবৰ আহি পৰা নাই।

জানিব পৰা মতে পুৱা ৬ মান বজাৰ পৰা এই গুলীয়াগুলী আৰম্ভ হয়। বৰ্তমানলৈ পৰিস্থিতি কিছু পৰিমাণে স্থিৰ হৈছে। নিৰাপত্তাৰক্ষীয়ে ঘটনা সন্দৰ্ভত চোৱা চিতা কৰি আছে।

উল্লেখ্য যে, ইয়াৰ দুদিন পূৰ্বে মণিপুৰৰ বিষ্ণুপুৰ জিলাত এক গন সমাবেশ হৈছিল। এই সমাবেশ পাছলৈ হিংসালৈ ৰূপান্তৰিত হয়। এই সমাৱেশক ছত্ৰভংগ কৰাবলৈ নিৰাপত্তা বাহিনীয়ে নিক্ষেপ কৰা কন্দুৱা গেছ আৰু ম’ক বোমাৰ কাণ্ডত বুধবাৰে এজন সাংবাদিকসহ কমেও ২৫ জন লোক আহত হৈছিল। মণিপুৰত নাগৰিক সমাজ সংস্থা মণিপুৰ অখণ্ডতা সমন্বয়ক সমিতিয়ে গণ সমাৱেশৰ আহ্বান জনাইছিল।

এই গণ সমাবেশ বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ সীমান্তৰ দিশে যাত্ৰা কৰি সেনাই ৰাষ্ট্ৰীয় ঘাইপথত স্থাপন কৰা বেৰিকেডসমূহ আঁতৰোৱাবলৈ চেষ্টা কৰিছিল। বুধবাৰে ক’ক’মিৰ উদ্যোগত আয়োজিত গণ সমাৱেশত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰা উদ্দেশ্য কোৱাকটা খেলপথাৰত সমবেত হৈছিল।

উল্লেখ্য যে, বিগত মে' মাহৰ পৰা মণিপুুৰত হিংসাত্মক কাৰ্যকালাপ সংঘটিত হৈ আছে। গোষ্ঠীগত সংঘৰ্ষৰ ফলত বৰ্তমানলৈ কেইবাজনৰ মৃত্যুও হৈছে। অৱশ্যে বৰ্তমান কিছু স্থিৰ হৈছে মণিপুৰৰস্থিতি।

পুনৰ উত্তপ্ত অগ্নিগৰ্ভা মণিপুৰ
ভূপেন হাজৰিকা...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in