পুনৰ মণিপুৰত গুলীচালনা, নিৰুদ্দেশ ৪ জন

পুনৰ মণিপুৰত গুলীচালনা, নিৰুদ্দেশ ৪ জন

author-image
Asomiya Pratidin
New Update
পুনৰ হিংসা! মণিপুৰত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আক্ৰমণৰ চেষ্টা একাংশৰ

ডিজিটেল ডেস্কঃ মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষ শাম কটাৰ নামেই লোৱা নাই। বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলাৰ পাহাৰীয়া অঞ্চলত খৰি আনিবলৈ গৈ বুধবাৰে নিৰুদ্দেশ হয় ৪ জনকৈ লোক। আৰক্ষীয়ে কৈছে যে এতিয়ালৈকে তেওঁলোকৰ কোনো তথ্য লাভ কৰা নাই।

Advertisment

তেওঁলোক দাৰা সিং, ইবোমচা সিং, ৰোমেন সিং আৰু আনন্দ সিং বুলি চিনাক্ত কৰা হৈছে।

সূত্ৰ অনুসৰি জানিব পৰা মতে তেওঁলোকক দুৰ্বৃত্তই বন্দী বনাই থোৱাৰ আশংকা কৰা হৈছে। কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা তেওঁলোকক উদ্ধাৰ কৰিবৰ বাবে সহায় বিচৰা আছে।

আনহাতে দুৰ্বৃত্তই বিষ্ণুপুৰ জিলাৰ হাওটাক গাঁৱত গুলীচালনা আৰু বোমা আক্ৰমণ কৰে। যাৰ ফলত ১০০ ৰো অধিক মহিলা, শিশু আৰু বৃদ্ধ লোকক সুৰক্ষিত অঞ্চলৰ ফালে স্থানান্তৰ কৰা হয়।

লগে লগে ঘটনাস্থলীত নিৰাপত্তাৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণত অনাৰ চেষ্টা কৰে। অৱশ্যে এতিয়াও মাজে মাজে গুলীচালনা হৈয়ে আছে।

Also Read: চৰাইদেউ মৈদাম প্ৰাংগণত চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ

manipur