চৰাইদেউ মৈদাম প্ৰাংগণত চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ

৫ জানুৱাৰীৰ পৰা সপ্তমবাৰৰ বাবে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত আৰু চৰাইদেউবাসী ৰাইজৰ সহযোগত চৰাইদেউ মহোৎসৱ অনুষ্ঠিত কৰা হৈছিল
চৰাইদেউ মৈদাম প্ৰাংগণত চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ

ডিজিটেল সংবাদ,চৰাইদেউ : বুধবাৰে ঐতিহাসিক চৰাইদেউ মৈদাম প্ৰাংগণত এক চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ উল্লেখ্য যে ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰৰ প্ৰাংগনত ৫ জানুৱাৰীৰ পৰা সপ্তমবাৰৰ বাবে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত আৰু চৰাইদেউবাসী ৰাইজৰ সহযোগত চৰাইদেউ মহোৎসৱ অনুষ্ঠিত কৰা হৈছিল ৷

উক্ত সময়চোৱাত মহোৎসৱস্থলী বাণিজ্য আৰু খাদ্যমেলাৰ পেলনীয়া সামগ্ৰীৰে ভৰি পৰিছিল ৷ আজি পুৱা মহোৎসৱৰ আয়োজক সমিতিৰ উদ্যোগত চাফ-চিকুণ কৰা উদ্দেশ্যে এক চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

চৰাইদেউ মৈদাম প্ৰাংগণত চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ
সূতাৰগাঁৱত বাইকৰে-এচি ভেনৰ মুখামুখি সংঘৰ্ষ : থিতাতে নিহত এজন

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in