মণিপুৰত পুনৰ গুলীচালনাঃ কুকি উগ্ৰপন্থীৰ আক্ৰমণত গুৰুতৰভাৱে আহত ট্ৰাক চালক

মণিপুৰত পুনৰ গুলীচালনাঃ কুকি উগ্ৰপন্থীৰ আক্ৰমণত গুৰুতৰভাৱে আহত ট্ৰাক চালক
মণিপুৰত পুনৰ গুলীচালনাঃ কুকি উগ্ৰপন্থীৰ আক্ৰমণত গুৰুতৰভাৱে আহত ট্ৰাক চালক

ডিজিটেল ডেস্কঃ মণিপুৰৰ থলেন কুকি গাঁৱত ভয়ংকৰ গুলীচালনাৰ ঘটনা। তেল টেংকাৰসহ কেইবাখনো ট্ৰাকলৈ লক্ষ্য কৰি দুৰ্বৃত্তই গুলীচালনা কৰে। যাৰ ফলত এজন ট্ৰাক চালক গুৰুতৰভাৱে আহত হয়। আহতজন তুলাৰাম মাগাৰ বুলি চিনাক্ত কৰা হৈছে। বৰ্তমান তেওঁৰ চিকিৎসা চলি আছে।

ইয়াৰ লগতে তেল টেংকাৰখনৰ চালকসহ কেইবাজনো আহত হয় গুলীচালনাত। জিৰিবাম ইম্ফল ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই ঘটনা। জানিব পৰা মতে সামগ্রী সৰবৰাহ কৰা প্ৰায় ৪ খন বাহনৰ বিস্তৰ ক্ষতিসাধন হয়।

ইয়াৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈ মণিপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে আহতসকলক। আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি কুকি উগ্ৰপন্থীয়ে তেল টেংকাৰ আৰু সামগ্ৰী ভৰ্তি ট্ৰাকৰ ওপৰত গুলীচালনা কৰিছিল। জিৰিবামৰ পৰা ইম্ফললৈ যাওঁতে উগ্ৰপন্থীয়ে ট্ৰাকসমূহত নিৰ্বিচাৰ গুলীচালনা কৰাৰ ফলত দুখন ডিজেল ভৰ্তি ট্ৰাক, এখন পেট্ৰ'ল ট্ৰাক আৰু এখন এলপিজি গেছ টেংকাৰ খুন্দা মাৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

মণিপুৰত পুনৰ গুলীচালনাঃ কুকি উগ্ৰপন্থীৰ আক্ৰমণত গুৰুতৰভাৱে আহত ট্ৰাক চালক
স্কুটীৰে আহি কাঢ়ি নিলে টকাৰ বেগ, গ্ৰেপ্তাৰ চিলনী চোৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in