স্কুটীৰে আহি কাঢ়ি নিলে টকাৰ বেগ, গ্ৰেপ্তাৰ চিলনী চোৰ

স্কুটীৰে আহি কাঢ়ি নিলে টকাৰ বেগ, গ্ৰেপ্তাৰ চিলনী চোৰ

ডিজিটেল সংবাদ,শিলচৰ: হিন্দী চিনেমাৰ ষ্টাইলত শিলচৰত মহিলাৰ টকাৰ বেগ কাঢ়ি নিয়া এক ঘটনা পোহৰলৈ আহিছে। সোমবাৰে দিন দুপৰীয়া চহৰৰ মাজ মজিয়াত এগৰাকী মহিলাৰ হাতৰ পৰা টকাৰ বেগ কাঢ়ি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে শিলচৰত।

টকা কাঢ়ি নিয়াৰ এই এই সমগ্ৰ দৃশ্য বন্দী হৈছে এখন দোকানত থকা চিচিটিভি কেমেৰাত। অৱশ্যে ঘটনাৰ কেইঘন্টামানৰ ভিতৰতে আৰক্ষীয়ে দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

এই ঘটনা সংঘটিত হৈছে সোমবাৰে দুপৰীয়া শিলচৰ চহৰৰ প্ৰেমতোলা নাগনাহা লেনত । মহুয়া পুৰকায়স্থ নামৰ এগৰাকী মহিলাই ঔষধ কিনিবৰ বাবে ঘৰৰ পৰা ওলাই আহি নাগনাহা লেনত ৰৈ আছিল ।

এনেতে এখন স্কুটীৰে অহা এজন যুৱকে মহিলা গৰাকীৰ হাতত থকা টকাৰ বেগটো কাঢ়ি পলাই যায়। মহিলা গৰাকীয়ে চিঞৰ বাখৰ কৰাত ওচৰতে থকা কেইজনমান লোকে চিলনী চোৰজনক খেদি যায় যদিও দুষ্কৃতিকাৰীজন স্কুটী লৈ পলাই যায়।

পিচত আৰক্ষীয়ে অভিযান চলাই তাৰাপুৰ গুণময়ী ৰোডৰ পৰা গ্ৰেপ্তাৰ কৰে শিৱাজী শৰ্মা নামৰ চিলনী চোৰটোক। মহিলাৰ টকা কাঢ়ি নিয়া বুলি ইতিমধ্যে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে। এনে কেইবাটাও ঘটনাত জৰিতৰ অভিযোগ এই শিৱাজী শৰ্মাৰ বিৰুদ্ধে। বৰ্তমান শিৱাজীক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

স্কুটীৰে আহি কাঢ়ি নিলে টকাৰ বেগ, গ্ৰেপ্তাৰ চিলনী চোৰ
৩২০ নম্বৰ স্থানত UPSC ত উজ্বলিল তেজপুৰৰ ইশ্বৰী ডেকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in