মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, দুৰ্বৃত্তৰ গুলীত আহত নিৰাপত্তাৰক্ষী

পুনৰ মণিপুৰত হিংসাত্মক ঘটনা। শনিবাৰে মণিপুৰৰ সীমান্তৱৰ্তী চহৰ মোৰেহত সন্দেহযুক্ত বিদ্ৰোহী আৰু আৰক্ষীৰ মাজত গুলীচালনা আৰম্ভ হয়।

author-image
Asomiya Pratidin
New Update
পুনৰ হিংসা! মণিপুৰত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আক্ৰমণৰ চেষ্টা একাংশৰ

ডিজিটেল ডেস্কঃ পুনৰ মণিপুৰত হিংসাত্মক ঘটনা। শনিবাৰে মণিপুৰৰ সীমান্তৱৰ্তী চহৰ মোৰেহত সন্দেহযুক্ত বিদ্ৰোহী আৰু আৰক্ষীৰ মাজত গুলীচালনা আৰম্ভ হয়। জানিব পৰা মতে বিদ্ৰোহীসকলে প্ৰথমে আৰক্ষীৰ বাহন কনভয়ত গুলীচালনা কৰে। এই আক্ৰমণত এজন কমাণ্ডো আহত হয়। বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে।

Advertisment

স্থানীয় প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ মোৰেহত দুটা ঘৰ জ্বলাই দিয়া হৈছিল। এটা পৃথক ঘটনাত, ৰাজ্যৰ ৰাজধানী ইম্ফলৰ পৰা ৪৫ কিলোমিটাৰ দূৰত কাংপোকপিত এজন কিশোৰক অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। ঘটনাটো শুক্ৰবাৰে-শনিবাৰৰ মাজনিশা সংঘটিত হয়।

এই ঘটনাক গৰিহনা দিছে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। তেওঁ কয় যে, গাওঁখনত অধিক সুৰক্ষা বাহিনী মোতায়েন কৰা হৈছে আৰু অভিযান চলি আছে। ৰাজ্যখনত শান্তি পুনৰুদ্ধাৰৰ বাবে পৰিশ্ৰম কৰি আছে। সকলোকে শান্তি অব্যাহত ৰাখিবলৈ তেওঁ আহ্বান জনায়।

Also Read: সন্তুষ্টি নে দয়া !

manipur