সন্তুষ্টি নে দয়া !

যিসকলে নেতাই এৰেজমেন্ট কৰি জেলৰ পৰা বাহিৰ হৈ নীতি- আদৰ্শ ত্যাগ দি আলোচনাত বহিছিল তাৰ পাছত ৰাজনৈতিক সমাধান ওলাব কেনেকৈ ? নীতি আদৰ্শ বাদ দি আলোচনাত বহিলে সমাধান নোলোৱা স্বাভাৱিক।
সন্তুষ্টি নে দয়া !

দীৰ্ঘদিন ধৰি চলা বিদ্ৰোহৰ অন্তত আলফাই লাভ কৰিলে সফলতা! ১৯৭৯ চনত আৰম্ভ হোৱা ৰক্তাক্ত কাহিনীৰ অন্ত পৰিল! ৰাজনৈতিক আৰু খিলঞ্জীয়াৰ স্ব-অধিকাৰৰ সংগ্ৰামৰ অন্তত আকৌ এখন চুক্তি অসমৰ ৰাইজে লাভ কৰিলে। ২৯ ডিচেম্বৰ ২০২৩ ত স্বাক্ষিৰত হ'ল আলফা শান্তি চুক্তি।

এই চুক্তি স্বাক্ষৰৰ পাছত বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কিন্তু সকলোৰে লক্ষ্য আছিল এজন মানুহৰ ওপৰত। জংঘলৰ মাজত স্বাধীন অসমৰ দাবীত অটল হৈ থকা মানুহজনে কি ক'ব সেয়া জানিব বিচাৰিছিল জনতাই।

অৱশেষত সেই মানুহজনেও মুখ খুলিলে। আলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আলফা শান্তি চুক্তি সন্দৰ্ভত। পৰেশ বৰুৱাই এই চুক্তিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে।

তেওঁ কয় যে, এই চুক্তিৰ দ্বাৰা অনুপ চেতিয়া, অৰবিন্দ ৰাজখোৱাৰ লগতে অন্যান্য সহযোগীসকলে বিচাৰি থকা এটা স্বাভাৱিক জীৱন যাপনৰ সুবিধা লাভ কৰিব। ইয়াৰ বাবে শুভকামনা জ্ঞাপন কৰে বৰুৱাই। এই কথাৰ পৰা আওপকীয়াকৈ যে বৰুৱাই এই চুক্তিক কিছু পৰিমাণে সমৰ্থন জনাইছে বুলি ধাৰণা হয়।

বৰুৱাৰ মন্তব্য, মুখ্যমন্ত্ৰীয়ে কৈছে যে আলোচনাপন্থী আলফাৰ লগত হোৱা চুক্তিয়ে আলফা(স্বা)ৰ লগত হ'ব লগা আলোচনাৰ পথ প্ৰশস্ত কৰিলে। কিন্তু আমি কেতিয়াও আলোচনাৰ বিৰোধী নহয়। অৱশ্যে আমি আমাৰ নীতি আদৰ্শ ত্যাগ নকৰো।

আন এক সংবাদ মাধ্যমৰ লগত হোৱা কথা বতৰাত বৰুৱাই কয়, অসমৰ বুদ্ধজীৱিসকলে উদ্যোগ লৈ তেওঁলোকক আলোচনালৈ প্ৰক্ষেপ কৰিছিল। আজি কোনোবাই এই চুক্তিক সমালোচনা কোনোৱে প্ৰশংসা কৰিছে। কিন্তু তাৎপৰ্য বিষয়, সেই সময়ত মানুহবিলাকে জনা নাছিল নেকি যে যিসকলে নেতাই এৰেজমেন্ট কৰি জেলৰ পৰা বাহিৰ হৈ নীতি- আদৰ্শ ত্যাগ দি আলোচনাত বহিছিল তাৰ পাছত ৰাজনৈতিক সমাধান ওলাব ? নীতি আদৰ্শ বাদ দি আলোচনাত বহিলে সমাধান নোলোৱা স্বাভাৱিক। এজন বিপ্লৱী নেতাই নিজৰ লক্ষ্য, আদৰ্শ, নীতি ত্যাগ কৰি তেনে পদক্ষেপ ল'ব যায় তাত ৰাজনৈতিক সমাধান সূত্ৰ নোলায়।

লগতে কয়, সমৰ্থন বুলি কথা নাই। ৰাজনৈতিক সমাধান নাথাকিলে আমাৰ সমৰ্থন নাই। অকল পেকেজ ল'লে কেনেকৈ হ'ব।আমি নীতি আদৰ্শ ত্যাগ কৰা নাই,কৰিব নোৱাৰো। আমি আলোচনাৰ ক্ষেত্ৰত আলফাক নিজা সংবিধান, পতাকা বা অন্যান্য় বিচৰিব দিছিলো। কিন্তু তেনে একো নহ'ল।

আলফাৰ ইতিহাস আজিৰ নহয়। আলফাৰ ৰক্তাক্ত সংগ্ৰামত জড়িত হৈ আছে হাজাৰজন অসমীয়াৰ ত্যাগ, কষ্ট। কিন্তু সেই ত্যাগ তথা বলিদানৰ উচিত মূল্য আলফাই পালেনে নাই তাক লৈ প্ৰশ্ন কৰিছে বহুতে।

আলফাৰ ৪০ বছৰৰো অধিককাল ধৰি চলা সংগ্ৰামৰ অন্ত পৰিল এখন ১৭ পৃষ্ঠাৰ চুক্তিত। এই চুক্তিত কি আছে কি নাই সকলোৱে জ্ঞাত। কিন্তু সকলোৱে অন্তত বিচাৰিছিল ভুটানত নিখোজ হৈ থকা আলফা সদস্য সন্দৰ্ভত এই চুক্তিত কিবা থাকক।

বিচাৰিছিল পৰেশ বৰুৱাইও। এই ক্ষেত্ৰত দুখ প্ৰকাশ কৰি বৰুৱাই কৈছে যে, সুবিধা পাইছিল দাবী ৰাখিবলৈ। কিন্তু দাবী জনাবলৈ নিজৰো শক্তি থাকিব লাগিব। নীতি নাথাকিলে সাহসো নাথাকে।

সঁচাকৈ সাহস অলপ নহ'ল নেকি আলোচনাপন্থী আলফাৰ? প্ৰায় ২০ বছৰ পূৰ্বে নিখোজ হোৱা এই আলফা সদস্যৰ পৰিয়ালৰ হৈ কিয় এটাও দাবী উল্লেখ নাই চুক্তিত সেয়া ডাঙৰ প্ৰশ্ন।

শান্তি সকলোৰে কাম্য। সকলোৱে বিচাৰিছিল হাজাৰজন অসমীয়াৰ তেজৰ চেকুৰা, ত্যাগ, কষ্টৰ উচিত মূল্যায়ন। কিন্তু তেনে হয়তো নহ'ল। সমাজৰ সলনি এয়া ব্যক্তিজন লাভৰ বাবে কৰা চুক্তি যেনহে অনুমেয় হ'ল। যাৰ বাবে লজ্জিত অনুভৱ কৰি পৰেশ বৰুৱাই কয়, যিসকলে জেলৰ পৰা ওলাই আহি নীতি আদৰ্শ ত্যাগ দি আলোচনালৈ আহিছিল তেওঁলোকৰ পৰা কি আশা কৰিব পাৰি?

কোন সুখী এই শান্তি চুক্তিক লৈ? অৰবিন্দ ৰাজখোৱা, অনুুপ চেতিয়া আদিৰ বাদে আন কোনখিনি জনতাই শান্তি লভিছে এই চুক্তিৰ জৰয়তে? কিয় আলফা শান্তি চুক্তিক লৈ উৎসাহ নাই জনতাৰ মাজত? তদুপৰি যেতিয়ালৈকে পৰেশ বৰুৱা আলোচনাৰ মজিয়ালৈ নাহে তেতিয়ালৈকে জানো এই চুক্তি সম্পূৰ্ণ বুলি ক'ব পাৰি?

শান্তি চুক্তি দিনটোৰ আন এটা ছবি মনকৰিবলগীয়া। চুক্তি স্বাক্ষৰ হোৱাৰ পাছত আটাইকেইজন আলফা নেতা থিয় দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি চৰকাৰী মানুহ কেইজনৰ পিছফালে। তাৰপাছতে আনন্দৰ দিনটোত ফটো উঠিছে।

এই ক্ষেত্ৰত অসন্তুষ্টি ব্যক্ত কৰিছে পৰেশ বৰুৱাই। তেওঁ কৈছে, আলোচনাপন্থী আলফাই কিয় জাতিটোক তলত নামালে? ইয়াৰ পূৰ্বে অন্য বিদ্ৰোহী সংগঠনৰ লগত যি চুক্তি হৈছিল তেতিয়া সকলো প্ৰতিনিধিক বহিবলৈ দিয়া হৈছিল।সকলোকে সাৱতি ধৰি অভিনন্দন জনাইছিল। কিন্তু কালি তেনে নহ'ল।

সঁচাকৈয়ে আলোচনাপন্থী আলফাই নীতি আদৰ্শৰ লগতে ত্যাগ দিলে নেকি আত্মসন্মান? হয়তো এয়া আশা কৰা নাছিল অসমৰ জনতাই। এই শান্তি চুক্তি সন্তুষ্টি নে দয়া সেই প্ৰশ্নৰ উত্তৰো কেৱল চুক্তি স্বাক্ষৰকাৰীসকলৰ হাতত।

আশা এটাই, অসমীয়াৰ ভাল হওক এই চুক্তিৰ দ্বাৰা। স্বাক্ষৰিত চুক্তিৰ দফাসমূহ কেতিয়া কাৰ্যকৰী হ'ব সেয়া সময়ৰ হাতত। বহুতে কেৱল এটাই বিচাৰিছে অসমৰ চুক্তিৰ দৰে যাতে এই শান্তি চুক্তি ৰূপায়নত বছৰ বছৰ সময় নলগায়...

সন্তুষ্টি নে দয়া !
সূৰ্যোদয় নে সূৰ্যাস্ত হ'ল আজি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in