সাঁতোৰ সন্থা চৰাইদেউ জিলা সমিতি গঠন

দেওবাৰে সোণাৰি অঞ্চু হোটেলৰ সভাকক্ষত চৰাইদেউ জিলা সাঁতোৰ সন্থাৰ চৰাইদেউ জিলা সমিতি খন গঠন কৰা হয়।

author-image
Asomiya Pratidin
New Update
সাঁতোৰ সন্থা চৰাইদেউ জিলা সমিতি গঠন

ডিজিটেল সংবাদ, চৰাইদেউঃ দেওবাৰে সোণাৰি অঞ্চু হোটেলৰ সভাকক্ষত চৰাইদেউ জিলা সাঁতোৰ সন্থাৰ চৰাইদেউ জিলা সমিতি খন গঠন কৰা হয়। অসম সাঁতোৰ সন্থাৰ সভাপতি ৰঞ্জিত বৰগোহাঁই, সাধাৰণ সম্পাদক ভাস্কৰ দাস আৰু যুটীয়া সম্পাদক চন্দন ফুকন ,অসম সাঁতোৰ সন্থাৰ কোষাধ্যক্ষ জাভেদ আহমেদৰ উপস্থিতত উক্ত সমিতিখন গঠন কৰা হয়। সমিতি গঠনৰ উদ্দেশ্যে অনুষ্ঠিত সাধাৰণ সভাখনত আটাল পুখুৰী সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰতিনিধি, সোণাৰি প্ৰতিনিধি, মৰাণ আৰু বৰচহকী পুলৰ প্ৰতিনিধিৰ লগতে অৰ্ধশতাধিক অভিভাৱক অভিভাৱকা সকলে অংশগ্ৰহণ কৰে।

Advertisment

উল্লেখযোগ্য যে পূৰ্বৰ সভাপতি বিষ্ণু তাতি বিয়োগ হোৱাত সাঁতোৰ সন্থাৰ চৰাইদেউ জিলা সমিতিখন বহদিনৰ ধৰি নিস্ক্ৰিয় অৱস্থাত আছিল। ৰাজ্যিক সমিতিৰ পৰ্যবেক্ষক চন্দন ফুকনৰ তৎতপৰতাত সভাপতি অৰুণ গগৈ, সধাৰণ সম্পাদক প্ৰশান্ত কোঁৱৰ, উপ-সভাপতি বিপিন বৰগোহাঁই,অনুপ পাটকাই,ৰবিজিৎ বৰুৱা, যুটীয়া সম্পাদক, বিজয় গগৈ, ভাস্কৰ লাহন, সহকাৰী সম্পাদক পদ্মা গগৈ, অলক কুমাৰ ফুকন, সাংগঠনিক সম্পাদক অনিল চাংমাই, দেবেন ফুকন, কোষাধ্যক্ষ মিলন বৰপাত্ৰ গোহাঁই, প্ৰচাৰ সম্পাদক ৰাজীৱ দত্ত, কাৰ্যনিৰ্বাহক সদস্য ধৰ্ম বৰগোহাঁই, জ্যোতি প্ৰসাদ বৰুৱা, পঙ্কজ বড়া, প্ৰদীপ চাংমাই, পূৰ্ণানন্দ ফুকন, ৰিপু বুঢ়াগোহাঁই, মৌচুমী গগৈ, অনিল গগৈ, মন্দিৰা গগৈ, কনক গগৈক লৈ সদ্যহতে ২৩ জনীয়া সমিতি গঠন কৰা হয়।

পৰবৰ্তী কাৰ্যনিৰ্বাহক সভাত চৰাইদেউ জিলা সমিতি খন বৰ্ধিত কৰা পৰামৰ্শ প্ৰদান কৰে পৰ্যবেষক মন্ডলীয়ে। সভাত অসম সাঁতোৰ সন্থাৰ সভাপতি ৰঞ্জিত বৰগোহাঁই, সধাৰণ সম্পাদক ভাস্কৰ দাস আৰু যুটীয়া সম্পাদক চন্দন ফুকনৰ লগতে অৰুণ গগৈ আৰু অনুপ পাটকাই বক্তব্য আগবঢ়ায়। সৰ্বভাৰতীয় কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি তথা অসম সাঁতোৰ সন্থাৰ সম্পাদক ভাস্কৰ দাসে তেখেতৰ বক্তব্যত চৰাইদেউ জিলাৰ সাঁতোৰ খেলুৱৈ সকল যথেষ্ঠ প্ৰতিভা সম্পন্ন বুলি উল্লেখ কৰা লগতে নৱ গঠিত সমিতি খনৰ চৰাইদেউ জিলাৰ সাঁতোৰ ক্ৰীড়া ক্ষেত্ৰত বহুখিনি কৰণীয় আছে বুলি কৈ বক্তব্য সামৰে।

Also Read: চৰকাৰে কৰিব নোৱাৰা কাম কৰি ৰাইজক সকাহ দিয়াৰ চেষ্টা চাবুৱা প্ৰেছ ক্লাৱৰ