মনিপুৰত ৮ খন বাৰ্মিজ চুপাৰী ভৰ্তি ট্ৰাক জব্দ

মনিপুৰত ৮ খন বাৰ্মিজ চুপাৰী ভৰ্তি ট্ৰাক জব্দ

author-image
Asomiya Pratidin
New Update
মনিপুৰত ৮ খন বাৰ্মিজ চুপাৰী ভৰ্তি ট্ৰাক জব্দ

ডিজিটেল সংবাদ শিলচৰ: চুবুৰীয়া ৰাজ্য মনিপুৰত পুনৰ অবৈধ বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে অভিযান অসম ৰাইফলছৰ। গোপন তথ্যৰ ভিত্তিত মনিপুৰৰ কামজং জিলাত অভিযান চলাই বুধবাৰে ৮ খনকৈ চুপাৰী ভৰ্তি ট্ৰাক জব্দ কৰে অসম ৰাইফলছে।‌

Advertisment

কামজং জিলাৰ চাংকালক গাৱত অভিযান চলাই জব্দ কৰে এই ৮ খন চুপাৰী ভৰ্তি ট্ৰাক।‌ অসম ৰাইফলছৰ এক সুত্ৰই সদৰি কৰা মতে, জব্দ কৰা এই এই বুজন পৰিমাণৰ চুপাৰী খিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৮ কোটি ৪০লাখ টকা।‌

চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা সৰবৰাহ কৰি চুপাৰী খিনি মনিপুৰৰ মাজেৰে বহিঃৰাজ্যলৈ বিক্ৰীৰ বাবে নিয়াৰ পৰিকল্পনা কৰিছিল চুপাৰী ব্যৱসায়ীয়ে।‌ পিচত চুপাৰী ভৰ্তি ট্ৰাক কেইখন শুল্ক বিভাগক গতাই দিয়া হয়।

Also Read: প্ৰথম প্ৰচেষ্টাতে APS বিষয়া হ'ল নগাঁৱৰ ভাস্কৰ শিখা শইকীয়া

manipur