প্ৰথম প্ৰচেষ্টাতে APS বিষয়া হ'ল নগাঁৱৰ ভাস্কৰ শিখা শইকীয়া

প্ৰথম প্ৰচেষ্টাতে APS বিষয়া হ'ল নগাঁৱৰ ভাস্কৰ শিখা শইকীয়া

author-image
Asomiya Pratidin
New Update
প্ৰথম প্ৰচেষ্টাতে APS বিষয়া হ'ল নগাঁৱৰ ভাস্কৰ শিখা শইকীয়া

ডিজিটেল সংবাদ ,কামপুৰ: APSC চূড়ান্ত পৰীক্ষাত উজলিল নগাঁও জিলাৰ কামপুৰৰ তেতঁলীসৰাৰ ভাস্কৰ শিখা শইকীয়া। অসম আৰক্ষী সেৱা(APS)ত ১৭ নং স্থান লাভ কৰে ভাস্কৰ শিখা শইকীয়াই।

Advertisment

কামপূৰৰ তেঁতেলীসৰা গাঁৱৰ এটা কৃষিজী পৰিয়ালৰ সন্তান ভাস্কৰ শিখা। ২০০০ বৰ্ষৰ ২৭ মাৰ্চত জন্ম হোৱা ভাস্কৰ শিখাই শিক্ষা জীৱন আৰম্ভ কৰে তেঁতেলীসৰা শংকৰদেৱ বিদ্যানিকতনৰ পৰা।পিতৃ অনিল শইকীয়া আৰু মাতৃ চন্দ্ৰ প্ৰভা শইকীয়াই অতি কষ্টৰ মাজৰে ভাস্কৰৰ শৈক্ষিক জীৱন আগুৱাই নিয়ে।

পিতৃ-মাতৃ
পিতৃ-মাতৃ

ষষ্ঠমান শ্ৰেণীৰ ধিং নৱোদয়ত নামভৰ্তি কৰি ৯৫ শতাংশৰো অধিক নম্বৰৰে অতি খ্যতিৰে বিদ্যালয়খনৰ পৰা উত্তীৰ্ণ হৈ কটন মহাবিদ্যালয়ত অধ্যয়ন কৰি ২০২২ চনত বি এ পাছ কৰে।বৰ্তমান ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰত (M A) অধ্যয়ন কৰি থকা ভাস্কৰে প্ৰথম প্ৰচেষ্টাতে APAC ত উত্তীৰ্ণ হৈ পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে।

Also Read: APSC ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল নগাঁৱৰ বিকাশ শইকীয়া

apsc