/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/a6fbfe36-edb1-4571-bc07-f19dded109a3/vxvcxd.jpg)
ডিজিটেল সংবাদ, শিলচৰ : চুবুৰীয়া ৰাজ্য মনিপুৰত বুজন পৰিমাণৰ ব্ৰাউন চুগাৰসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দেওবাৰৰ সেনাপতি জিলাৰ মাও থানাৰ অন্তৰ্গত শ্বহীদ পাৰ্ক মাওত অভিযান চলাই গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী দুজনক।
তেওঁলোকৰ পৰা ১৪টা ব্ৰাউন চুগাৰ ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে আৰক্ষীয়ে। বাকচ কেইটাৰ পৰা ১৭২.০৮ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰা হয়। ব্ৰাউন চুগাৰ ৰখাৰ অভিযোগতআৰক্ষীয়ে থৌবাল জিলাৰ লিলং উছোইপকপিৰ ম.আজাদ খান আৰু ইম্ফল পূব জিলাৰ য়াইৰিপকৰ খুল্লাক পাম ইউনুছ খান নামৰ সৰবৰাহকাৰী দুজনক গ্ৰেপ্তাৰ কৰে ।
Also Read: চলচলিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা