চলচলিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা

চলচলিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা

author-image
Asomiya Pratidin
New Update
চলচলিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা

ডিজিটেল সংবাদ,বেবেজীয়া: দেওবাৰে নগাওঁ সদৰ সমষ্টিৰ চলচলিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ঘটনা অনুসৰি আগবেলা ভাগত নগাঁও দিশৰ পৰা আহি থকা এখন মটৰ চাইকেলে চলচলিৰ পথৰ দাঁতিত ৰখি থকা চাইকেল আৰোহী কিশোৰ এজনক খুন্দা মাৰে। খুন্দা মাৰি নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত বাইকখন পথাৰত নামি পৰে। দুৰ্ঘটনাত বাইক খনত থকা দুজন কিশোৰৰ লগতে চাইকেলত থকা কিশোৰ জনো গুৰুতৰ বাবে আঘাতপ্ৰাপ্ত হয়।

Advertisment

আঘাতপ্ৰাপ্ত কিশোৰজনকে ধৰি তিনিওজনক ততাতৈয়াকৈ হস্পিতাললৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনা সংঘটিত কৰা বাইক খনৰ নম্বৰ AS02AL7647। বাইক খনত থকা কিশোৰ দুজনৰ ঘৰ নগাঁও জিলাৰ শিমলুগুৰিত বুলি জানিব পৰা গৈছে।

Also Read: বটদ্ৰৱা থানৰ মাটি আৰু আকাশীগংগাৰ পানী লৈ ৰামৰায় কুটিৰলৈ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ধৰ্মীয় যাত্ৰা

road accident