ধাৰাবাহিক বিস্ফোৰণৰ পৰা ৰক্ষা পৰিল মণিপুৰঃ ৫০ ফুটকৈ ব্যৱধানত সংস্থাপিত কৰা ৪৫ টা আই ই ইডি উদ্ধাৰ...

ধাৰাবাহিক বিস্ফোৰণৰ পৰা ৰক্ষা পৰিল মণিপুৰঃ ৫০ ফুটকৈ ব্যৱধানত সংস্থাপিত কৰা ৪৫ টা আই ই ইডি উদ্ধাৰ...
ধাৰাবাহিক বিস্ফোৰণৰ পৰা ৰক্ষা পৰিল মণিপুৰঃ ৫০ ফুটকৈ ব্যৱধানত সংস্থাপিত কৰা ৪৫ টা আই ই ইডি উদ্ধাৰ...

ডিজিটেল ডেস্কঃ এক বৃহৎ অঘটনৰ পৰা ৰক্ষা পৰিল গোষ্ঠীগত সংঘৰ্ষত জৰ্জৰিত মণিপুৰ। ৰাজ্যখনত আছাম ৰাইফলছে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৪৫ টাকৈ আই ই ডি।

মঙ্গলবাৰে আছাম ৰাইফলছৰ এটা পথ মুকলি কৰা গোটে টেংনুপাল আৰক্ষী থানাৰ অন্তৰ্গত ১০২ নং ৰাষ্টীয় ঘাইপথৰ কাষত বংয়াং গাওঁ আৰু চেনাম গাঁৱৰ মাজত কুকি উগ্ৰপন্থীয়ে পুতি থোৱা এই আই ই ডিসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইম্ফল ফ্ৰী প্ৰেছে প্ৰকাশ কৰা অনুসৰি আছাম ৰাইফলছৰ দলটোৱে প্ৰথমে এটা বস্তাৰ পৰা ২১ টা আই ই ডি উদ্ধাৰ কৰিছিল।

ইয়াৰ পিছতে মণিপুৰ আৰক্ষীৰ বোম নিষ্কাশনকাৰী দলে অন্য দুটা বস্তাৰ পৰা অৱশিষ্ট ২৪ টা আই ই ডি উদ্ধাৰ কৰে। সন্দেহ কৰা হৈছে কুকি উগ্ৰপন্থীসকলে মণিপুৰ আৰক্ষী ওপৰত ধাৰাবাহিক বোমা আক্ৰমণ কৰিবৰ বাবে এইবোৰ সংস্থাপিত কৰিছিল। উদ্ধাৰ প্ৰতিটো আই ই ডি ৫০ ফুট ব্যৱধানত সংস্থাপিত কৰা হৈছিল।  

আনহাতে মণিপুৰ আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ ফালৰ পৰা সংবাদ মাধ্যমক জনাইছে যে, যোৱা ২৪ ঘণ্টাত প্ৰতিবাদকাৰীৰ বিক্ষিপ্ত ঘটনাৰ সৈতে ৰাজ্যখনৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ যদিও নিয়ন্ত্ৰিত হৈ আছে। ৰাজ্যখনৰ পশ্চিম ইম্ফল, পূব ইম্ফল, কাকচিং, থৌবাল, বিষ্ণুপুৰ, চুৰাচান্দপুৰ আৰু টেংনুপাল জিলাৰ প্ৰান্তীয় অঞ্চলসমূহত নিৰাপত্তা বাহিনীৰ অভিযান বৃদ্ধি কৰা হৈছে।

এনে অভিযানত বিষ্ণুপুৰ জিলাৰ পৰা বিভিন্ন অস্ত্ৰ, শস্ত্ৰ উদ্ধাৰ কৰা হৈছে। একেদৰে চুৰাচান্দপুৰ জিলাৰ পৰাও বৃহৎ সংখ্যক মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হৈছে। এইবোৰৰ ভিতৰত আছে ৭.৬২ মিমি এছ এল আৰ ৰাইফল, ৯ এম এম পিষ্টল, ৰিভলভাৰ, ৩০ টাকৈ টিয়েৰ গেছৰ শ্বেল, ৰবৰ বুলেট, হস্ত নিৰ্মিত বন্ধুক, এছ বি বি এল বন্দুক, এক কেজি গোলাবাৰুদ, ২৩ টা হস্তনিৰ্মিত বোমা।

ধাৰাবাহিক বিস্ফোৰণৰ পৰা ৰক্ষা পৰিল মণিপুৰঃ ৫০ ফুটকৈ ব্যৱধানত সংস্থাপিত কৰা ৪৫ টা আই ই ইডি উদ্ধাৰ...
খেলো ইণ্ডিয়া পেৰা গেমছত অনিস্মিতা কোঁৱৰৰ স্বৰ্ণ পদক অৰ্জন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in