খেলো ইণ্ডিয়া পেৰা গেমছত অনিস্মিতা কোঁৱৰৰ স্বৰ্ণ পদক অৰ্জন

সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনালে অভিনন্দন।

author-image
Asomiya Pratidin
New Update
খেলো ইণ্ডিয়া পেৰা গেমছত অনিস্মিতা কোঁৱৰৰ স্বৰ্ণ পদক অৰ্জন

ডিজিটেল ডেস্ক : খেলো ইণ্ডিয়া পেৰা গেমছ-২০২৩ত উজলি উঠিছে দুগৰাকী অসম কন্যা। তেওঁলোক হৈছে অনিস্মিতা কোঁৱৰ আৰু চিৰঞ্জিতা ভড়ালী।

Advertisment

লং জাম্প শাখাত অস্মিতাই সোণৰ পদক অৰ্জন কৰাৰ লগতে চিৰঞ্জিতাই পেৰা বেডমিণ্টত ৰূপৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে এই প্ৰতিযোগিতাখন অহা ১৭ ডিচেম্বৰলৈকে চলিব। য'ত ভাগ লৈছে প্ৰায় ১৪০০ গৰাকী খেলুৱৈয়ে।

ইফালে দুয়োগৰাকী অসম কন্যাৰ সফলতাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনাইছে শুভেচ্ছা। তেওঁ সামাজিক মাধ্যমযোগে দুয়োগৰাকীলৈ অভিনন্দন জ্ঞাপন কৰে।

Also Read: বতৰৰ বিধি-পথালি : ৫ উইকেটত জয়ী দঃআফ্ৰিকা,ৰিংকুৰ বিস্ফোৰক অৰ্ধশতক

badminton Khelo India Para Games 2023 Chiranjita Bharali Anishmita Konwar Long Jump