ছুমুকেডিমাৰ নিৰ্বাচনী সভাত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে

বিজেপিৰ শাসনকালত খ্ৰীষ্টানসকলৰ বিৰুদ্ধে ৫০০টা আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ
ছুমুকেডিমাৰ নিৰ্বাচনী সভাত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে

ডিজিটেল সংবাদ, ৱাখা : চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন লৈ মাত্ৰ ছয়টা বাকী থকা অৱস্থাত ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে নাগালেণ্ডৰ ৰাজনৈতিক পৰিবেশ। বিজেপি আৰু এনডিপিপি মিত্ৰজোঁটে কোনো প্ৰত্যাহ্বান সন্মুখীন নোহোৱাকৈ ২০২৩ চনৰ নিৰ্বাচনত জয়ী বুলি আশা কৰিছিল যদিও শেষ মুহূৰ্তত কংগ্ৰেছ তীব্ৰ প্ৰত্যাহ্বান হৈ ৰণক্ষেত্ৰত নামি পৰিছে ।

আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ছুমুকেডিমাৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে । ছুমুকেডিমাৰ জি এইচ এছ এছ চাৰি মাইলৰ সমীপৰ ডিফুপাৰ গাঁৱৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত ভাষণ দি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কয় যে শাসকীয় বিজেপিৰ সময়ছোৱাত ছেইণ্ট মাদাৰ টেৰেছাৰ সৈতে জড়িত চৰকাৰী প্ৰতিষ্ঠানসমূহকো হাৰাশাস্তি কৰা হৈছে।

বিজেপিক সমালোচনা কৰি মল্লিকাৰ্জুন খাৰ্গে লগতে কয় যে গেৰুৱা দলৰ সমৰ্থকসকলে ভাবে যে ভাৰতে ১৯৪৭ চনত স্বাধীনতা লাভ কৰা নাছিল বৰঞ্চ স্বাধীনতা লাভ কৰিছিল নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হোৱাৰ পিছতহে । ১৯৪৭ চনৰ ভাৰতৰ স্বাধীনতা তেওঁলোকৰ মনত নাই, গেৰুৱা দলে ভাবে যেতিয়া মোডী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত ভাৰতে ২০১৪ চনত প্ৰকৃত স্বাধীনতা পাইছিল। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু কয় যে বিগত ২০ বছৰ ধৰি নেচনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি (এনডিপিপি), নগা পিপলছ ফ্ৰণ্ট (এনপিএফ) আৰু ভাৰতীয় জনতা পাৰ্টিয়ে মিলি নাগালেণ্ডত লুণ্ঠন চলাইছে । সেয়ে এতিয়া নাগালেণ্ডৰ জনসাধাৰণে ন্যায় আৰু জনসাধাৰণৰ বাবে কাম কৰাৰ বাবে সময় আহি পৰিছে।

কংগ্ৰেছ নেতাগৰাকীয়ে দাবী কৰে যে কেন্দ্ৰীয় বিজেপি কমিটী আৰু ৰাজ্য চৰকাৰে পূব নাগালেণ্ডৰ জনসাধাৰণৰ যি দিয়া ভুৱা প্ৰতিশ্ৰুতি দিছে সেয়া আগৰ দৰেই শূণ্য পৰিব। মল্লিকাৰ্জুন খাৰ্গে দৃঢ়তাৰে কয় যে ২০২২ চনৰ ডিচেম্বৰ মাহতহে গৃহমন্ত্ৰী অমিত শ্বাহে ইষ্টাৰ্ণ নগা পিপলছ অৰ্গেনাইজেচনক পুৱ নাগালেণ্ড ভ্ৰমণৰ আশ্বাস দিছিল । কিন্তু সেই প্ৰতিশ্ৰুতি পালন নকৰিলে । আৰু লগতে আশ্বাস দিছিল যে পাৰস্পৰিক সহমতৰে সমস্যা সমাধানৰ কৰিব । কিন্তু ভ্ৰমণ নকৰিলে ।

তেওঁ লগতে কয় যে এই মিছা প্ৰতিশ্ৰুতি দিয়াতো এতিয়া বিজেপি চৰকাৰৰ ব্যৱসায়ত পৰিণত হৈছে। তদুপৰি কংগ্ৰেছ নেতাগৰাকীয়ে দাবী কৰে যে বিজেপি নেতাসকলে কেৱল বক্তৃতাহে দিয়ে আৰু কংগ্ৰেছে একো কৰা নাই বুলি অভিযোগ কৰে । কংগ্ৰেছ দলৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে যোৱা ১৬ ফেব্ৰুৱাৰীত ঘোষণা কৰিছিল যে নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁৰ দল নাগালেণ্ডৰ কল্যাণ আৰু সাধাৰণ উন্নয়নৰ বাবে উৎসৰ্গিত।

খাৰ্গেৰ মতে নাগালেণ্ডৰ জনসাধাৰণ শান্ত, সমৃদ্ধিশালী, আৰু প্ৰগতিশীল প্ৰশাসনৰ যোগ্য। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে কয় হিমাচল প্ৰদেশ আৰু ছত্তীশগড়ত যিদৰে জয় লাভ কৰিছিল ঠিক তেনেদৰে দলটোৱে ক্ষমতা লাভ কৰিলে নাগালেণ্ডতো পুৰণি পেঞ্চন কাৰ্যসূচী পুনৰ প্ৰৱৰ্তন কৰাৰ প্ৰতিশ্ৰুতিও খাৰ্গে কৰে। নাগালেণ্ডৰ নিৰাপত্তা আৰু আইন-শৃংখলাৰ সন্দৰ্ভত খাৰ্গে দাবী কৰে যে যদিহে তেওঁৰ দলটোৱে ২৭ ফেব্ৰুৱাৰীত নিৰ্বাচনত জয়ী হয় তেন্তে সংখ্যালঘু ব’ৰ্ড গঠন কৰিব। বৰ্তমানৰ ৩৩% আসন মহিলাসকলক প্ৰদান কৰিব ।

ছুমুকেডিমাৰ নিৰ্বাচনী সভাত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে
কৃষিমন্ত্ৰীৰ সমষ্টিত কৃষকৰ হাহাঁকাৰ, কৃষকসকলৰ মৰ্মবেদনা বুজিব কোনে ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in