/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/b2697dc0-45c0-4dc7-9a33-c80dd540e340/drought.jpg)
ডিজিটেল সংবাদ, কাজিৰঙা : কৃষিমন্ত্ৰীৰ সমষ্টিত কৃষকৰ হাহাকাৰ। কাজিৰঙাৰ বৰবিল মিচিং গাওঁত কৃষকে খৰাং বতৰৰ বাবে সন্মুখীন হবলগীয়া হৈছে জটিল পৰিস্থিতিৰ। অঞ্চলটোৰ কৃষকে প্ৰায় ৫০ বিঘা ভূমিত সৰিয়হৰ খেতি কৰিছিল যদিও প্ৰয়োজনীয় পানীৰ অভাৱত আশা কৰা অনুসৰি লাভ কৰা নাই উৎপাদন। সৰিয়হৰ খেতিৰ পৰা তেওলোকে লাভান্বিত হব বুলি আশা কৰিছিল যদিও সেই আশাত এতিয়া চেচাপানী পৰিল বুলি মন্তব্য প্ৰকাশ কৰিছে খেতিয়কসকলে।
উল্লেখ্যে যে এই সন্দৰ্ভত কৃষিমন্ত্ৰী অতুল বৰাক সমালোচনা কৰিছে দৰিদ্ৰ কৃষকসকলে। অঞ্চলটোৰ খেতি পথাৰত প্ৰয়োজনীয় পানীৰ অভাৱ পূৰণ কৰিব নোৱাৰিলে কৃষি বিভাগে। আনকি বিজ পৰ্যন্তও নিজে ক্ৰয় কৰি খেতি কৰিছিল কৃষকসকলে। এনে পৰিস্থিতিত পূৰ্বৰ বৰ্ষতকৈ এইবেলি লোকচানৰ সন্মুখীন হোৱাত এতিয়া দিশহাৰা হৈ পৰিছে বৰবিল মিচিং গাৱৰ প্ৰায় অৰ্ধশতাধিক দৰিদ্ৰ কৃষক।
স্মৰ্তব্য যে ইফালে বন্যপ্ৰাণীৰ উপদ্ৰৱ আনহাতে বানপানীৰ মাজতেই কাজিৰঙাত কৃষিকৰ্ম কৰি আহিছে কৃষকসকলে।খৰাং বতৰৰ বাবে এতিয়া লোকচানৰ সন্মুখীন হোৱা কৃষকসকলৰ মৰ্মবেদনা বুজিব কোনে?
Also Read: প্ৰাক নিৰ্বাচনী হিংসাঃ মন জিলাৰ টিজিত এনপিএফৰ প্ৰাৰ্থীৰ বাহন জ্বলাই দিলে দুষ্কৃতিকাৰীয়ে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us