ত্ৰিপুৰাৰৰ নিৰ্বাচনী সমাৱেশত লুৰীণজ্যোতিঃ ত্ৰিপ্ৰামথাৰ হৈ প্ৰচাৰ...

ত্ৰিপুৰাৰৰ নিৰ্বাচনী সমাৱেশত লুৰীণজ্যোতিঃ ত্ৰিপ্ৰামথাৰ হৈ প্ৰচাৰ...

author-image
Asomiya Pratidin
New Update
ত্ৰিপুৰাৰৰ নিৰ্বাচনী সমাৱেশত লুৰীণজ্যোতিঃ ত্ৰিপ্ৰামথাৰ হৈ প্ৰচাৰ...

ত্ৰিপুৰাৰৰ নিৰ্বাচনী সমাৱেশত লুৰীণজ্যোতিঃ ত্ৰিপ্ৰামথাৰ হৈ প্ৰচাৰ...

ডিজিটেল সংবাদ আগৰতলাঃ অসমক ধৰ্মৰ ভিত্তিত বিভক্ত কৰাৰ ষড়যন্ত্ৰ পতা হিমন্ত বিশ্ব শৰ্মাৰ ত্ৰিপ্ৰালেণ্ডৰ বিৰোধিতা কৰাৰ নৈতিক অধিকাৰ নাই৷ - এই গুৰুত্বপূৰ্ণ মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ৷

আজি ত্ৰিপুৰাৰ গোমতি জিলাৰ উদয়পুৰত তিপ্ৰামথা দলৰ হৈ নিৰ্বাচনী সমাৱেশত ভাষণ দি গগৈয়ে লগতে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ কোনোবা নেতাই যদি অসমৰ বাহিৰলৈ গৈ এই অঞ্চলৰ খিলঞ্জীয়াৰ কথা কৈছে, তেনেহ'লে সেইজন 'বুবাগ্ৰা' প্ৰদ্যুৎ মাণিক্য৷ বাকী যিসকল নেতা দিল্লীলৈ যায়, তেওঁলোকে দিল্লীৰ ওচৰত আঁঠু লৈ আহে৷

হিমন্ত বিশ্ব শৰ্মায়ো দিল্লীত আঁঠু লৈ থৈছে৷ দিল্লীৰ চকুত চকু থৈ কথা কোৱাৰ সাহস দেখুৱাইছে ত্ৰিপ্ৰামথাৰ নেতা প্ৰদ্যুৎ মাণিক্যই৷ গতিকে প্ৰদ্যুৎ মাণিক্যহে আচলতে উত্তৰ পূৰ্বাঞ্চলৰ নেতা৷

প্ৰদ্যুৎ মাণিক্যৰ হাত শক্তিশালী কৰিবলৈ উত্তৰ পূবৰ সকলো জাতীয়তাবাদী আঞ্চলিক দলে ত্ৰিপ্ৰামথাৰ প্ৰতি সমৰ্থন আগবঢ়ওৱা উচিত বুলি গগৈয়ে মত প্ৰকাশ কৰে৷

অহা ১৬ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া ত্ৰিপুৰাত কালি আন তিনিগৰাকী দলীয় সতীৰ্থসহ উপস্থিত হয় গগৈ৷ তেওঁ আজি উদয়পুৰত ত্ৰিপ্ৰামথাৰ সভাপতি মহাৰাজ প্ৰদ্যুৎ মাণিক্যৰ সৈতে এখন নিৰ্বাচনী সমাৱেশত ভাগ লয়৷

দেশৰ আন কেইবাখনো ৰাজ্যৰ পৰা অহা সমভাৱাপন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ উপস্থিতিত নিৰ্বাচনী সমাৱেশত ভাষণ দি গগৈয়ে, "ত্ৰিপুৰাৰ খিলঞ্জীয়া জনগোষ্টীসমূহে বহিৰাগত আগ্ৰাসনৰ ফলত তেওঁলোকৰ ভাষা-সংস্কৃতি হেৰুওৱা নিজ চকুৰে দেখিছো৷

আমি অসমীয়া মানুহৰ সন্মুখতো একে সংকটে দেখা দিছে৷ গতিকে আপোনালোকৰ মনৰ বেদনা অনুভৱ কৰিব পাৰিছো৷ আৰু সেই কাৰণে আপোনালোকৰ গ্ৰেটাৰ ত্ৰিপ্ৰালেণ্ডৰ দাবীৰ প্ৰতি আমি সমৰ্থন আগবঢ়াইছো৷

কাৰণ আমি বুজি পাওঁ যে, অকল গ্ৰেটাৰ ত্ৰিপ্ৰালেণ্ডৰ জৰিয়তেহে আপোনালোকৰ ৰাজনৈতিক অধিকাৰ প্ৰাপ্তি সম্ভৱ৷ বিজেপিয়ে উত্তৰ পূবৰ খিলঞ্জীয়াৰ দুখ নুবুজে৷ তেওঁলোকে কেৱল ঘৰিয়ালৰ চকুপানী টোকে৷ উত্তৰ পূবৰ সকলো খিলঞ্জীয়া একত্ৰিত হ'ব পাৰিলেহে দিল্লীয়ে আমাৰ কথা শুনিব৷"

ত্ৰিপ্ৰামথা দলৰ প্ৰতি সমৰ্থন আগবঢ়োৱা সন্দৰ্ভত গগৈয়ে কয়, "বুবাগ্ৰাক সমৰ্থন দিছো কাৰণ তেওঁ দিল্লীৰ সৈতে আপোচ কৰা নাই৷ উত্তৰ পূৰ্বাঞ্চলৰ বেছিভাগ নেতাই দিল্লীৰ সৈতে আপোচৰ নীতি লোৱাৰ বাবেই দিল্লীয়ে আমাক উপেক্ষা কৰিব পাৰিছে৷"

অহা ১৬ ফেব্ৰুৱাৰীৰ দিনা আনাৰসৰ ছবিত ভোট দি তিপ্ৰামথাৰ প্ৰাৰ্থীসকলক বিজয়ী কৰিবলৈ গগৈয়ে ৰাইজক আহ্বান জনায়।

Also Read: জিণ্টিমণি কলিতাই খেলিব মহিলা IPL: চাওক কিমান টকাত ক্ৰয় কৰিলে মুম্বাই ইণ্ডিয়ানছে...

ত্ৰিপুৰা ত্ৰিপ্ৰালেণ্ড ত্ৰিপ্ৰামথা