অৰুণাচল প্ৰদেশত আৰম্ভ ভাৰত লোকসংগীত, অৰুণাচল লোকসংগীত আৰু লোকনৃত্য মহোৎসৱ

অৰুণাচল প্ৰদেশত আৰম্ভ ভাৰত লোকসংগীত, অৰুণাচল লোকসংগীত আৰু লোকনৃত্য মহোৎসৱ

author-image
Asomiya Pratidin
New Update
 অৰুণাচল প্ৰদেশত আৰম্ভ ভাৰত লোকসংগীত, অৰুণাচল লোকসংগীত আৰু লোকনৃত্য মহোৎসৱ

ডিজিটেল ডেস্কঃ বুধবাৰৰ পৰা অৰুণাচল প্ৰদেশৰ নামচাইত আৰম্ভ হৈছে ভাৰত লোকসংগীত আৰু অৰুণাচল লোক সংগীত আৰু লোক নৃত্য মহোৎসৱ। অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চাওনা মেইন আৰু সাংসদ তাপিৰ গাৱে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে।

Advertisment

প্ৰথমবাৰৰ বাবে অৰুণাচল প্ৰদেশত আয়োজন কৰা এই লোক সংগীত আৰু লোক নৃত্য মহোৎসৱত ৰাজ্যখনৰ ১৯ টা জনগোষ্ঠীয়ে লোক সংগীত আৰু লোক নৃত্য পৰিবেশন কৰিব আৰু ইয়াৰ প্ৰথম তিনিটা দলে অহা ২ আৰু ৪ মাৰ্চত নামচাইত আয়োজিত ভাৰত লোক সংগীত মহোৎসৱত অংশগ্ৰহণ কৰিব। ভাৰত লোক সংগীত উৎসৱত মুঠ ১৮ খন ৰাজ্যৰ লোক সংগীতৰ দলে অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে আজিৰ এই অনুষ্ঠানতে অৰুণাচল প্ৰদেশৰ ১৮ টাকৈ প্ৰডাক্টক জিঅ'গ্ৰাফিকেল ইন্দিকেছন পঞ্জীয়ন পত্ৰ প্ৰদান কৰে। ৰাজ্যখনৰ খামটি চাউল, আপাটানী বস্ত্ৰ, য়াক চুৰ্পী, টাংছা বস্ত্ৰ, মনপা বস্ত্ৰ, নিছি বস্ত্ৰ, আদি বস্ত্ৰ, গালো বস্ত্ৰ, টাই খামটি বস্ত্ৰ, ৱাংচু কাঠ শিল্প, চিংফৌ চাহ, আদি আদা, মিয়াওৰ হস্তনিৰ্মিত কাৰ্পেট, মনপা হেন্দমেড পেপাৰ, আদি আপং, অৰুণাচলী তৰোৱাল বা দা, অৰুণাচলী মিলেট আৰু অৰুণাচলী মাৰুৱা আপং জি আই পঞ্জীয়ন আনুষ্ঠানিক ভাবে প্ৰদান কৰে। অনুষ্ঠানত ইন্ডিয়ান আইডল আইডলৰ টপ চেভেনৰ প্ৰতিযোগী অবম টাংগুৱেও গীত পৰিবেশন কৰে।

Also Read: তামিল স্বাভিমানৰ প্ৰতীক 'চেঙ্গোল'ৰে প্ৰধানমন্ত্ৰী মোডীক সন্মানিত সৰ্বানন্দ সোণোৱালৰ