তামিল স্বাভিমানৰ প্ৰতীক 'চেঙ্গোল'ৰে প্ৰধানমন্ত্ৰী মোডীক সন্মানিত সৰ্বানন্দ সোণোৱালৰ

তামিল স্বাভিমানৰ প্ৰতীক 'চেঙ্গোল'ৰে প্ৰধানমন্ত্ৰী মোডীক সন্মানিত সৰ্বানন্দ সোণোৱালৰ

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বুধবাৰে তামিলনাডুৰ থুথুকুড়িত ১৭,৩০০ কোটিতকৈও অধিক পুঁজি মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু শুভ উদ্বোধন কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালো এই অনুষ্ঠানত উপস্থিত থাকে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰীগৰাকীক ৩০,০০০ জনতাৰ উপস্থিতিত তামিল স্বাভিমানৰ প্ৰতীক পৱিত্র 'চেঙ্গোল' প্ৰদান কৰে।

প্রধানমন্ত্রীয়ে ভিঅ' চিদাম্বৰনাৰ বন্দৰত আউটাৰ হাৰ্বাৰ কন্টেইনাৰ টার্মিনেলৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে সেউজ জাহাজ উদ্যোগৰ অধীনত ভাৰতৰ প্ৰথমখন থলুৱা সেউজ হাইড্র'জেন ইন্ধন কোষ আভ্যন্তৰীণ জলপথ জাহাজৰো শুভাৰম্ভ কৰে। লগতে ১০ খন ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৭৫টা লাইটহাউচত পর্যটন সুবিধাও মুকলি কৰে।

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "আজিৰ উন্নয়নমূলক প্রকল্পসমূহৰ জৰিয়তে 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ আত্মা প্রতিফলিত হৈছে। এই প্রকল্পসমূহে সমগ্ৰ ভাৰতৰ উন্নয়নক নতুন গতি প্ৰদান কৰিব।"

প্রধানমন্ত্রীয়ে বিকশিত ভাৰতৰ যাত্ৰা আৰু তামিলনাডুৰ ভূমিকাৰ কথাও দোহাৰে। ভিঅ' চিদাম্বৰনাৰ বন্দৰত আউটাৰ হাৰ্বাৰ কণ্টেইনাৰ টার্মিনেলৰ আধাৰশিলাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্রকল্পটোত ৭,০০০ কোটি টকা বিনিয়োগ কৰা হ'ব।

এই প্রকল্পসমূহে তামিলনাডুক লাভান্বিত কৰিব আৰু ৰাজ্যখনত নিযুক্তিৰ পথ সৃষ্টি কৰিব বুলি প্রধানমন্ত্রীয়ে কয়। প্রধানমন্ত্রীয়ে সোঁৱৰাই দিয়ে যে বর্তমান চৰকাৰে ৰূপায়ণ কৰা উন্নয়নমূলক প্রকল্পসমূহৰ প্ৰতি পূৰ্বৰ- চৰকাৰসমূহে কেতিয়াও কোনো মনোযোগ দিয়া নাছিল।

প্রধানমন্ত্রীয়ে মন কি বাতৰ এটা খণ্ডত দেশৰ প্ৰধান লাইটহাউচসমূহক পর্যটন স্থলীলৈ বিকশিত কৰাৰ পৰামৰ্শ আগবঢ়াইছিল। আৰু সেই প্রসংগক্রমে ১০ খন ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৭৫টা লাইটহাউচত পর্যটন সুবিধা মুকলি কৰাৰ বাবে আনন্দ প্রকাশ কৰে প্রধানমন্ত্রীয়ে। প্রধানমন্ত্রী মোদীয়ে মন্তব্য কৰে, "একেলগে ৭৫টা স্থানত উন্নয়ন, এয়াই নতুন ভাৰত। আৰু অনাগত সময়ত এই ৭৫ খন ঠাই বৃহৎ পর্যটন কেন্দ্ৰ হৈ পৰিব।"

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয় যে, "প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত ভাৰতে বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতি হোৱাৰ দিশত আগবাঢ়িছে। প্রধানমন্ত্রীৰ নির্দেশনাত আৰম্ভ কৰা উন্নয়নমূলক পদক্ষেপসমূহে আমাৰ বন্দৰসমূহক বিশ্বমানৰ কৰি তোলাৰ বাবে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব, যাৰ ফলত অমৃতকালৰ ভিতৰত বিকশিত ভাৰত গঢ়ি তোলাৰ আমাৰ আন্দোলনে অধিক শক্তিশালী ৰূপ পাব।

লগতে কয় যে, সামুদ্রিক খণ্ডই ভাৰতৰ অৰ্থনৈতিক বিকাশত আগভাগ লোৱাৰ দিশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমাৰ চৰকাৰে আৰম্ভ কৰা পদক্ষেপ বোৰেআমাৰ বন্দৰসমূহক অধিক শক্তিশালী কৰাৰ উপৰি উপকূলীয় অঞ্চলকো অধিক শক্তিশালী কৰিব আৰু বৃহৎ নিযুক্তিৰ পথ সৃষ্টি কৰিব। এয়া হৈছে মোডী কি গেৰাণ্টিৰ এক প্ৰকৃত উপলব্ধি, য'ত প্ৰতিজন নাগৰিকে আমাৰ দেশক আত্মনিৰ্ভৰ হিচাপে গঢ়ি তোলাৰ দিশত উন্নয়নমূলক প্ৰচেষ্টাৰ এক গুৰুত্বপূর্ণ অংশ হৈ পৰিছে।"

লগতে সর্বানন্দ সোণোৱালে কয়, "মোডী ডাঙৰীয়াৰ অক্লান্ত প্রচেষ্টা আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত দূৰদৰ্শী নেতৃত্বৰ বাবেই আমাৰ ৰাষ্ট্ৰই আজি সকলো ক্ষেত্রতে দ্রুত বিকাশ লাভ কৰিছে, সকলোৰে বাবে সামাজিক ন্যায়, সুৰক্ষা আৰু অর্থনৈতিক সুযোগ নিশ্চিত হৈছে। ২০১৪ চনৰ পৰা, তামিলনাডুৰ ৩টা কেন্দ্ৰীয় চৰকাৰৰ বন্দৰত ৪৫টাতকৈও অধিক প্রকল্প আৰম্ভ বা ৰূপায়ণ কৰা হৈছে আৰু ১৬,০০০ কোটিতকৈও অধিক বিনিয়োগ কৰা হৈছে।

মাত্র দুবছৰ আগতে প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ জনসাধাৰণক আশ্বাস দিছিল যে চৰকাৰে ভাৰতৰ পূব উপকূলৰ প্ৰথম ট্রেন্সশিপমেন্ট হাব হিচাপে তামিলনাডুৰ ভিঅ'চি বন্দৰ নিৰ্মাণৰ পদক্ষেপ ল'ব। আজি 'মোডী কি গেৰাণ্টি'ৰ প্ৰতিশ্ৰুতিৰ সঁচা প্রতিফলন হৈছে। ভাৰতৰ প্ৰথম থলুৱা সেউজ হাইড্র'জেন ইন্ধন কোষ আভ্যন্তৰীণ জলপথ জাহাজৰ শুভাৰম্ভণিয়ে মেক ইন ইন্ডিয়া উদ্যোগক শক্তিশালী কৰিছে। প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত বিকশিত ভাৰতৰ সংকল্পৰ সৈতে আমি অমৃতকালৰ ভিতৰত আন্তঃগাঁথনি বৃদ্ধিৰ ক্ষেত্ৰত আৰু অধিক উচ্চতাত আৰোহণ কৰিবলৈ সাজু হৈছোঁ।"

উল্লেখ্য যে, এই অনুষ্ঠানত তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী ড০ এল মুৰুগান, শ্রীপদ নায়েক, শান্তনু ঠাকুৰ আদিও উপস্থিত আছিল।

তামিল স্বাভিমানৰ প্ৰতীক 'চেঙ্গোল'ৰে প্ৰধানমন্ত্ৰী মোডীক সন্মানিত সৰ্বানন্দ সোণোৱালৰ
মৰিগাঁও নটুৱা গাঁৱত বিত্তীয় স্বাক্ষৰতা সপ্তাহ উপলক্ষে সজাগতা সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in