ইউৰোপীয় সংসদত মণিপুৰৰ ১২ বছৰীয়া পৰিৱেশ কৰ্মী লিচিপ্ৰিয়া

ইউৰোপীয় সংসদত মণিপুৰৰ  ১২ বছৰীয়া পৰিৱেশ কৰ্মী লিচিপ্ৰিয়া

ডিজিটেল সংবাদ, বেকাজানঃ মণিপুৰৰ এগৰাকী ১২ বছৰীয়া পৰিৱেশ কৰ্মী লিচিপ্ৰিয়া কাংগুজামে ব্ৰাছেলছত ইউৰোপীয় সংসদত উত্থাপন কৰিছে জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয়ৰ লগতে মণিপুৰৰ শেহতীয়া ভয়াৱহ গোষ্ঠী সংঘৰ্ষৰ বিষয়ে। মণিপুৰৰ কাংকচিং জিলাৰ কণমানি পৰিৱেশকৰ্মী লিচিপ্ৰিয়াই মেইটেই জনগোষ্ঠীৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি ইউৰোপীয় সাংসদসকলৰ সন্মুখত জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ শিশুৰ ওপৰত প্ৰভাৱৰ জৰুৰী বিষয়সমূহ নিজৰ বক্তব্য প্ৰকাশ কৰে।

তদুপৰি তেওঁ শেহতীয়াকৈ ইউৰোপীয় সংসদত মণিপুৰত সংঘটিত গোষ্ঠীগত হিংসাত্মক পৰিস্থিতিৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰে। বৰ্তমান ইউৰোপ ৩খন দেশৰ আনুষ্ঠানিক ভ্ৰমণত থকা পৰিৱেশকৰ্মী লিচিপ্ৰিয়াই মণিপুৰত শান্তি-সম্প্ৰীতি আৰু আইন-শৃংখলা বজাই ৰখাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা বুলিও কয়।

৩ মে’ৰ পৰা বৰ্তমানলৈ মণিপুৰৰ ৩৫ হাজাৰতকৈ অধিক শিশু বিদ্যালয়ৰ পৰা আঁতৰি আছে। ৬০ হাজাৰ অধিক লোক গৃহহীন হৈ পৰিছে আৰু ১৭০ ৰো অধিক লোকৰ মৃত্যু হৈছে আৰু শ শ লোক এতিয়াও নিৰুদ্দেশ হৈ আছে। শেহতীয়াকৈ লিন্থোইংগাম্বি আৰু হেমনজিত নামৰ দুজন ছাত্ৰক কুকি উগ্ৰপন্থীয়ে নিৰ্মমভাৱে হত্যা কৰা ঘটনাৰ ন্যায় বিচাৰে লিচিপ্ৰিয়াই। লগতে লিচিপ্ৰিয়াই কয় "মই মণিপুৰৰ বাবে ন্যায় বিচাৰো"।

মণিপুৰত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰি লিচিপ্ৰিয়াই কয় যে, মণিপুৰৰ সংঘাত সংখ্যাগৰিষ্ঠ আৰু সংখ্যালঘু সম্প্ৰদায়ৰ মাজত বা নিৰ্দিষ্ট ধৰ্মীয় বা জনজাতীয় গোটৰ মাজত হোৱা সংঘাত নহয়। ই এটা বিশেষ সম্প্ৰদায়ৰ ভিতৰত ড্ৰাগছৰ বাবে পপি খেতিৰ ফলত হোৱা প্ৰকৃতিৰ ধ্বংসৰ বিৰুদ্ধে প্ৰকৃতি সংৰক্ষণক কেন্দ্ৰ কৰি হোৱা সংঘাত। তেওঁ লগতে কয় যে, মণিপুৰত চলি থকা হিংসা সংখ্যাগৰিষ্ঠ আৰু সংখ্যালঘু সম্প্ৰদায়ৰ মাজত বা মেইটেই হিন্দু বা সংখ্যালঘু খ্ৰীষ্টানৰ মাজত হোৱা যুঁজ নহয়, ই দুটা জনগোষ্ঠীৰ মাজত হোৱা যুঁজ।

তেওঁ ইউৰোপীয় সংঘৰ নেতাসকলক বিশ্বৰ দক্ষিণত জলবায়ু ন্যায়ৰ বাবে তেওঁৰ যুঁজত সহায় কৰিবলৈ আহ্বান জনায়। কণমানি পৰিৱেশকৰ্মী লিচিপ্ৰিয়াইও যুদ্ধৰ পৰিৱেশে লাখ লাখ শিশুৰ ভৱিষ্যত বিপন্ন কৰা লগতে সেউজ ভৱিষ্যতৰ ভণ্ডামিৰ কথা আঙুলিয়াই দিয়ে। জলবায়ু ন্যায়ৰ বাবে তেওঁৰ যুঁজত প্ৰকৃত সমৰ্থনৰ আহ্বান জনোৱাৰ লগতে মণিপুৰৰ হিংসাৰ ফলত ক্ষতিগ্ৰস্ত শিশুসকলৰ বাবে এখন বিনামূলীয়া আৱাসিক বিদ্যালয় স্থাপনৰ অভিযানক সমৰ্থন কৰিবলৈ ইউৰোপীয় সংঘক আহ্বান জনায়।

উল্লেখযোগ্য যে বিগত ৫ মাহ ধৰি মণিপুৰত অজনজাতীয় আৰু জনজাতীয় লোকৰ মাজত সংঘটিত হোৱা গোষ্ঠী হিংসাৰ ফলত ৩৫ হাজাৰৰো অধিক শিশু ক্ষতিগ্ৰস্ত হৈছিল। মুঠ ১৭৫ জন লোকে প্ৰাণ হেৰুৱাইছিল আৰু ৬০,০০০ লোক স্থানচ্যুত হৈছে। উল্লেখযোগ্য যে ইউৰোপীয় সাংসদসকলৰ সন্মুখত নিজৰ মতামত দাঙি ধৰিবলৈ মণিপুৰৰ ১২বছৰীয়া পৰিবেশকৰ্মী লিচিপ্ৰিয়া কাংগুজামক আমন্ত্ৰণ জনোৱা হৈছিল।

ইউৰোপীয় সংসদত মণিপুৰৰ  ১২ বছৰীয়া পৰিৱেশ কৰ্মী লিচিপ্ৰিয়া
'বিশ্বকাপ'২৩'ৰ প্ৰথমটো জয়ৰ যুঁজত নামিব অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in