অগ্নিগৰ্ভা মণিপুৰ, সহায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ টুইট মেৰী কমৰ...

জ্বলি আছে মণিপুৰ । এই লৈ অলিম্পিকৰ পদক বিজয়ী বক্সাৰ মেৰি কমে প্ৰধানমন্ত্ৰী মোডীৰ সহায় বিচাৰিছে । মণিপুৰৰ বাবে সহায় বিছাৰি খেলুৱৈ তথা সাংসদগৰাকীয়ে প্ৰধানমন্ত্ৰীলৈ কৰিছে টুইট
অগ্নিগৰ্ভা মণিপুৰ, সহায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ টুইট মেৰী কমৰ...

ডিজিটেল ডেস্কঃ জ্বলি আছে মণিপুৰ । এই লৈ অলিম্পিকৰ পদক বিজয়ী বক্সাৰ মেৰী কমে প্ৰধানমন্ত্ৰী মোডীৰ সহায় বিচাৰিছে । মণিপুৰৰ বাবে সহায় বিছাৰি খেলুৱৈ তথা সাংসদগৰাকীয়ে প্ৰধানমন্ত্ৰীলৈ কৰিছে টুইট ।

লগতে বক্সাৰগৰাকীয়ে হিংসাত্মক পৰিস্থিতিৰ ফটোও টুইটত সংলগ্ন কৰিছে । তদুপৰি সামাজিক মাধ্যমৰ জৰিয়তে মণিপুৰবাসীক শান্তি শৃংখলা অটুত ৰাখিবলৈ আহ্বান জনাইছে খেলুৱৈ গৰাকীয়ে ।

উল্লেখ্য যে যোৱা বুধবাৰৰ পৰা মণিপুৰত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে । ৰাজ্যখনত জাৰি কৰা হৈছে ১৪৪ ধাৰা, কৰ্তন কৰা হৈছে ইন্টাৰনেট সেৱা ।

মণিপুৰৰ জনজাতীয় সংস্থা মেইটেই/মিতেই সম্প্ৰদায়ক অনুসূচীত জনজাতি (এছটি) তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছিল । এই প্ৰতিবাদৰ মাজতেই দুটা ফৈদৰ মাজত সৃষ্টি হয় তীব্ৰ সংঘৰ্ষৰ ।

খবৰ অনুসৰি, এটা সম্প্ৰদায়ৰ সম্পত্তি জ্বলাই দিয়াৰ পাছতেই অধিক উত্তপ্ত হৈ পৰে ৰাজ্যখনৰ পৰিস্থিতি । এই পদযাত্ৰাৰ পিছতেই ৰাজ্যখনত হিংসাত্মক পৰিস্থিতিয়ে বিৰাজ কৰিছে ।

অগ্নিগৰ্ভা মণিপুৰ, সহায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ টুইট মেৰী কমৰ...
আজিও উত্তপ্ত মণিপুৰ: জাৰি কৰা হৈছে কাৰ্ফিও, বন্ধ ইন্টাৰনেট...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in